আকৌ কেজৰিৱালৰ চমক! স্কুল ৰেংকিং তালিকাৰ শীৰ্ষ ১০ত স্থান দিল্লীৰ ৫ বিদ্যালয়ৰ নাম, পিছ পৰি ৰ’ল অসম…

আকৌ কেজৰিৱালৰ চমক! স্কুল ৰেংকিং তালিকাৰ শীৰ্ষ ১০ত স্থান দিল্লীৰ ৫ বিদ্যালয়ৰ নাম, পিছ পৰি ৰ’ল অসম…

October 12, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ অসম আৰু দিল্লীৰ গুণগত শিক্ষাৰ মানদণ্ডক লৈ চলি থকা বিতৰ্কৰ মাজতে আকৌ শিক্ষা খণ্ডত নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ল দিল্লীৰ চৰকাৰী বিদ্যালয়ে।

সদ্য প্ৰকাশিত ২০২২-২৩ বৰ্ষৰ স্কুল ৰেংকিঙৰ তালিকাৰ শীৰ্ষ ১০ত সৰ্বাধিক বিদ্যালয়ৰ নাম অন্তৰ্ভূক্ত কৰি পুনৰ এবাৰ চমক সৃষ্টি কৰিবলৈ সক্ষম হ’ল অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দিল্লীৰ আপ চৰকাৰে।

লক্ষণীয়ভাৱে অসমৰ মন্ত্ৰী-বিধায়কে দাবী কৰা অসমৰ শিক্ষা মডলেৰ এখনো বিদ্যালয়ে স্থান লাভ কৰিবলৈ সক্ষম নহ’ল এই তালিকাত।

স্কুল ৰেংকিঙৰ তালিকাৰ প্ৰথম স্থান দখল কৰিছে দিল্লীৰ ৰাজকীয় প্ৰতিভা বিকাশ বিদ্যালয়, ছেক্টৰ ১০ দ্বাৰকাই। দ্বিতীয় স্থানত আছে ৰাজকীয় প্ৰতিভা বিকাশ বিদ্যালয়, যমুনা বিহাৰ(দিল্লী)।

আনহাতে এই তালিকাৰ তৃতীয় স্থান লাভ কৰিছে কেৰালাৰ জিভিএইচএছএছ ফ’ৰ গাৰ্লছ, নাডাক্কাভু কোঝিকোড়ে।

একেদৰে চতুৰ্থ স্থানত আছে মুম্বাইৰ ৱৰ্লী ছিফেচ মুম্বাই পাব্লিক ইংলিছ স্কুল। পঞ্চম স্থানত ওড়িশাৰ গঞ্জামৰ ওড়িশা আদৰ্শ বিদ্যাপীঠ, হাতীমোতা।

স্কুল ৰেংকিঙৰ তালিকাৰ ষষ্ঠ স্থানত কলকাতাৰ যাদৱপুৰ বিদ্যাপীঠ, সপ্তম স্থানত চণ্ডীগড়ৰ গৰ্ভাণ্টমেণ্ট মডেল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, মনিমাজৰাই স্থান লাভ কৰিছে।

অষ্টম স্থানত চণ্ডীগড়ৰে গৰ্ভাণ্টমেণ্ট মডেল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, ছেক্টৰ ১৬-এ।

অন্যহাতে নৱম স্থানত আছে দিল্লীৰ দুখন আৰু ভূপালৰ এখন বিদ্যালয়। তালিকাৰ দশম স্থান দখল কৰিছে দিল্লীৰ সুৰজমল বিহাৰৰ ৰাজকীয় প্ৰতিভা বিকাশ বিদ্যালয়ে।

উল্লখ্য যে, বিগত সময়ত অসম আৰু দিল্লীৰ শিক্ষা খণ্ডৰ মানক লৈ তীব্ৰ বিতৰ্কৰ সূচনা হৈছিল।

অসমৰ কেইবাগৰাকী শাসকীয় মন্ত্ৰী-বিধায়কে দিল্লীৰ আম আদমী পাৰ্টীৰ চৰকাৰক হেয় প্ৰতিপন্ন কৰিবলৈ গৈ দিল্লীৰ শিক্ষাৰ মানদণ্ড অসমতকৈ অতি নিম্ন মানৰ বুলি দাবী কৰিছিল।

কেৱল সেয়াই নহয়, দিল্লীৰ মুখ্যমন্ত্ৰীক অসমলৈ আহি অসমৰ শিক্ষা খণ্ডৰ পৰা জ্ঞান অৰ্জন কৰিবলৈও আহ্বান জনাইছিল পীযুষ হাজৰিকাৰ দৰে কথাচহকী মন্ত্ৰীয়ে।

কিন্তু অসমৰ মন্ত্ৰী-বিধায়কৰ এনে বৰ বৰ ফুটনিৰ মাজতে স্কুল ৰেংকিঙৰ তালিকাৰ শীৰ্ষ ১০ খনৰ ভিতৰত ৫ খন দিল্লীৰ বিদ্যালয়ে অন্তৰ্ভূক্ত কৰি অসমৰ মন্ত্ৰী-বিধায়কৰ মুখত যেন ক’লা ছাইহে সানিলে অৰবিন্দ কেজৰিৱাল আৰু তেওঁৰ শিক্ষা বিভাগে।