আকৌ ঘোচকাণ্ড! ঔষধ পৰিদৰ্শকৰ পিছত একেদিনাই উৎকোচ লৈ গ্ৰেপ্তাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক

আকৌ ঘোচকাণ্ড! ঔষধ পৰিদৰ্শকৰ পিছত একেদিনাই উৎকোচ লৈ গ্ৰেপ্তাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক

September 17, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ ফাৰ্মাচীৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ নামত ঘোচ লৈ যোৰহাটত এগৰাকী মহিলা ঔষধ পৰিদৰ্শক হাতে লোটে গ্ৰেপ্তাৰ হোৱাৰ পিছত একেদিনাই দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল আন এজন ঘোচখোৰ চৰকাৰী কৰ্মচাৰী।

এইবাৰ ধুবুৰী জিলাৰ বিলাসীপাৰা ৰাজহ চক্ৰ কাৰ্যালয়ত অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই উৎকোচ লোৱাৰ সময়তে হাতে লোটে কৰায়ত্ত কৰে চৰকাৰী কৰ্মচাৰী মেহেবুব মোল্লাহক।

উল্লেখ্য যে, বিলাসীপাৰা চক্ৰ বিষয়া কাৰ্যালয়ত জ্যেষ্ঠ সহায়ক হিচাপে কৰ্মৰত আছিল এইজন দুৰ্নীতিগ্ৰস্ত মেহেবুব মোল্লাহ। ভূমি মিউটেচনৰ বাবদ দাবী কৰা ধন লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই আকস্মিক অভিযান চলাই গ্ৰেপ্তাৰ কৰে চৰকাৰী কৰ্মচাৰীজনক।

উল্লেখ্য যে, ৰাজ্যত এতিয়া সঘনাই বৃদ্ধি পাইছে ঘোচ কাণ্ড। চৰকাৰ-প্ৰশাসন ঘোচখোৰ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে যিমান কঠোৰ নহ’লেও দুটকা অধিক উপাৰ্জনক আশাত ঘোচ লৈ শেহতীয়াকৈ গ্ৰেপ্তাৰ হৈছে কেইবাজনো চৰকাৰী বিষয়া আৰু কৰ্মচাৰী।