আকৌ ঘোচকাণ্ড! ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ উপ পঞ্জীয়ক কাৰ্যালয়ক কৰ্মচাৰী গোপীনাথ দাস

আকৌ ঘোচকাণ্ড! ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ উপ পঞ্জীয়ক কাৰ্যালয়ক কৰ্মচাৰী গোপীনাথ দাস

August 11, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ পুনৰ ঘোচ লৈ হাতে-লোটে ধৰা পৰিল আন এগৰাকী চৰকাৰী কৰ্মচাৰী। এইবাৰ তামুলপুৰৰ উপ পঞ্জীয়ক কাৰ্যালয়ত অভিযান চলাই উৎকোচ গ্ৰহণৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে এগৰাকী কৰ্মচাৰী।

ধৃত দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰী জনৰ পৰিচয় গোপীনাথ দাস বুলি জানিব বুলি জানিব পৰা গৈছে। উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে উপ-পঞ্জীয়ক কাৰ্যালয়ৰ কৰ্মচাৰীজনক।

ৰাজ্যৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে টুইটযোগে এই অভিযানৰ বিষয়ে সদৰী কৰিছে।

ইফালে একে দিনাই বোকাখাত আবকাৰী বিভাগৰ পৰিদৰ্শক লোহিত ফুকনকো ঘোচ লোৱাৰ সময়ত হাতে-লোটে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই।