আচামীক ধৰিবলৈ যােৱা আৰক্ষীৰ বাহন ভয়ংকৰ দুৰ্ঘটনাত পতিত…

আচামীক ধৰিবলৈ যােৱা আৰক্ষীৰ বাহন ভয়ংকৰ দুৰ্ঘটনাত পতিত…

September 14, 2022 Off By NEWS DESK

নিউজ ডেস্ক। মেঘালয়ৰ পশ্চিম গাৰাে পাহাৰ জিলাৰ ফুলবাৰীৰ পৰা আচামীক লৈ থানালৈ ওভতাৰ পথত ভয়ংকৰ দুৰ্ঘটনাত পতিত পলাশবাৰী আৰক্ষীৰ থানাৰ বাহন।

জানিব পৰা মতে, গােৱালপাৰা জিলাৰ দুধনৈৰ সমীপৱৰ্তী ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱা সংঘটিত হয় এই দুৰ্ঘটনা।

ঘাইপথৰ এখন দলঙৰ ৰেলিঙত খুন্দিয়াই বিধ্বস্ত হৈ পৰে কামৰূপ জিলাৰ পলাশবাৰী আৰক্ষীৰ থানাৰ বলেৰ’ বাহনখন।

দুৰ্ঘটনাত পতিত বাহনখনত থকা পলাশবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিৱেন্দ্ৰ বহ্ম, বিজয়নগৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লাবণ্য বড়ো, পলাশবাৰী থানাৰ হীৰকজ্যোতি বণিয়া, মাইনুল হক আৰু দিপালী বৰাৰ (মহিলা কনিষ্টবল) উপৰি আচামী ইদ্ৰিছ আলী গুৰুতৰভাৱে আহত হয়।

ঘটনাৰ খবৰ লাভ কৰি দুধনৈ আৰক্ষীয়ে আহতসকলক উদ্ধাৰ কৰি স্থানীয় দুধনৈ এফআৰইউত ভৰ্তি কৰে।