আচৰিত কাণ্ড! ATC ৰ অনুমতি অবিহনেই উৰা মাৰিলে যাত্ৰীবাহী বিমানে, তাৰ পাছত ঘটিল এই ঘটনা…

নিউজ ডেস্ক। এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লাৰ (এটিচি)ৰ অনুমতি অবিহনেই ৰাজকোট বিমান বন্দৰৰ পৰা ব্যক্তিগত এয়াৰলাইন কোম্পানী স্পাইচজেটৰ এখন যাত্ৰীবাহী বিমান দিল্লী অভিমুখে উৰা মৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

এই উদ্বেগজনক ঘটনাৰ পাছতে নিলম্বন কৰা হৈছে সংশ্লিষ্ট বিমানখনৰ পাইলটক।

জানিব পৰা মতে, যোৱা ৩০ ডিচেম্বৰত সংঘটিত এই ঘটনাৰ পিছত অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে (ডিজিচিএ) তদন্তৰ নিৰ্দেশ দিছে।

আনফালে স্পাইচজেটৰ এজন মুখপাত্ৰই দেওবাৰে সদৰী কৰা মতে ৰাজকোট-দিল্লী অভিমুখী বিমানখনৰ পাইলটসকলক তদন্ত সম্পূৰ্ণ নোহোৱা পৰ্যন্ত নিলম্বন কৰা হৈছে।

FIGq-We-LWUAI2-Jzx

উল্লেখ্য যে, যোৱা ৩০ ডিচেম্বৰৰ পুৱা ৯.৩০ বজাত স্পাইচজেটৰ এছজি-৩৭০৩ নম্বৰৰ বিমানখনে ৰাজকোটৰ পৰা উৰা মাৰে আৰু ১১.১৫ বজাত দিল্লী বিমান বন্দৰত অৱতৰণ কৰে। কিন্তু এটা বিমান বন্দৰৰ পৰা এখন বিমানে উৰা মৰাৰ সময়ত এটিচিৰ পৰা কেইবাটাও অনুমতি গ্ৰহণ কৰিব লাগে।

বিমানৰ পাইলতে প্ৰথমে বিমান ষ্টেণ্ডৰ পৰা প্ৰস্থান কৰাৰ বাবে অনুমতি লব লাগে এটিচিৰ। তাৰ পিছত বিমানৰ ইঞ্জিন ষ্টাৰ্ট কৰাৰ বাবে আৰু উৰা মৰাৰ বাবে দুবাৰ এটিচিৰ পৰা অনুমতি লবলগা হয় বিমান পাইলটে।

কিন্তু স্পাইচজেটৰ এছজি-৩৭০৩ নম্বৰৰ যাত্ৰীবাহী বিমানখনৰ পাইলটে সেইদিনা এটিচিৰ পৰা বাধ্যতামূলক অনুমতি নোলোৱাকৈয়ে দিল্লী অভিমুখে উৰা মৰাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ এজন জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়া মতে, যেতিয়া এটিচিয়ে বিমানখনৰ পাইলটৰ সৈতে যোগাযোগ কৰি এনে হোৱাৰ কাৰণ সোধে, তেতিয়া ভুলবশতঃভাবে অনুমতি লোৱা নহ’ল বুলি স্বীকাৰ কৰে বিমান পাইলটে।

ইফালে এই ঘটনাৰ বাবে প্ৰকৃততে জগৰীয়া কোন, তাৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে ডিজিচিএয়ে। এগৰাকী জ্যেষ্ঠ বিষয়াই সদৰী কৰা মতে, ঘটনাৰ প্ৰতিটো কোণৰ পৰা তদন্ত চলোৱা হব আৰু ভৱিষ্যতে যাতে এনে ঘটনা পুনৰ সংঘটিত নহয়, সেয়া নিশ্চিত কৰা হব।

লগতে চাওকঃ

শাৰীৰিক প্ৰতিবন্ধকতা নেওচি সাহিত্য জগতত উজলিছে হিয়া…

Leave a Comment