আচৰিত! পানী নহয়, দমকলেৰে হোৰাহোৰে ওলাল অবৈধ দেশী সুৰা…

নিউজ ডেস্কঃ দমকলৰ পৰা পানী নহয়, হোৰাহোৰে ওলাল অবৈধ ভেজাল সুৰা।

মাটিৰ তলত গাত খান্দি জমা কৰি ৰখা অবৈধ সুৰাৰ ভাণ্ডাৰ হেণ্ড পাম্পৰ জৰিয়তে বাহিৰ কৰে আৰক্ষীয়ে।

অবৈধ ভেজাল সুৰাৰ এনে বজাৰ উৎখাত কৰিবলৈ সক্ষম হয় মধ্যপ্ৰদেশ আৰক্ষীয়ে।

মধ্যপ্ৰদেশৰ গুণা জিলাৰ চাঞ্চোড়া আৰু ৰাঘোগড় গাঁৱত আৰক্ষীয়ে অবৈধ ভেজাল সুৰাৰ বিৰুদ্ধে অভিযান চলাইছিল বুধবাৰে।

এই অভিযানতে দুয়োখন গাঁৱৰ পৰা ১৪৩০ লিটাৰ অবৈধ ভেজাল সুৰা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

জানিব পৰা মতে, মাটিৰ তলত ৭-৮ ফুট দ গাঁত খান্দি ড্ৰামৰ ভিতৰত লুকুৱাই ৰাখিছিল একাংশ সুৰা ব্যৱসায়ীয়ে।

এই খবৰ আৰক্ষীয়ে লাভ কৰাৰ পিছতে গাঁও দুখনত অভিযান চলায়।

তাৰ পিছতে হেণ্ড পাম্পৰ জৰিয়তে মাটৰ তলৰ পৰা সুৰাসমূহ বাহিৰ কৰে আৰক্ষীয়ে।

আৰক্ষীয়ে দুয়োখন গাঁৱৰ পৰা দেশী সুৰা নিৰ্মাণ কৰা বিভিন্ন সা-সৰঞ্জামো জব্দ কৰিবলৈ সক্ষম হয়।

অৱশ্যে আৰক্ষীৰ অভিযানৰ খবৰ লাভ কৰিয়েই পলায়ন কৰে সুৰা ব্যৱসায়ী সকলে।

আৰক্ষীয়ে দেৱেন্দ্ৰ কাঞ্জাৰ, দীপু কাঞ্জাৰ, গোপাল কাঞ্জাৰ, সম্পাল কাঞ্জাৰ, ৰাকেশ কাঞ্জ আৰু মুকেশ কাঞ্জাৰ নামৰ অবৈধ সুৰা ব্যৱসায়ী কেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।