আজব কাণ্ড! প্ৰদেশ কংগ্ৰেছৰ নেত্ৰী ববিতা শৰ্মালৈ ‘বিধৱা পেঞ্চন’ গ্ৰামােন্নয়ন বিভাগৰ!

নিউজ ডেস্ক। এক আচৰিত ঘটনা।

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা মিডিয়া কােষৰ অধ্যক্ষা ববিতা শৰ্মালৈ ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামােন্নয়ন বিভাগে আগবঢ়ালে বিধবা পেঞ্চন!

ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে তেওঁলৈ মেচেজ যোগে প্ৰেৰণ কৰে এই খবৰ।

তেওঁলৈ অহা মেচেজটো আছিল যে ‘আপুনি ইন্দিৰা মিৰি বিধবা পেঞ্চনৰ অন্তৰ্ভুক্ত হৈছে। প্ৰতি মাহৰ ১০ তাৰিখে আপোনাৰ বেংক একাউণ্টত আপোনাৰ টকা ডেবিট কৰা হ’ব।’

কিন্তু নিজৰ ফোনত এই মেচেজ লাভ কৰি আচৰিত হৈ পৰিল কংগ্ৰেছ নেত্ৰী গৰাকী।

সেয়েহে তেওঁ এই সন্দৰ্ভত টুইটাৰত প্ৰকাশ কৰে মন্তব্য।

চৰকাৰক সমালোচনা কৰি তেওঁ কয়, “মোৰ মোবাইলত এছএমএছ যোগে এনে মেচেজ আহিব পাৰে বুলি আপুনি বিশ্বাস কৰিব পাৰে নে? চৰকাৰৰ যিয়ে এনে কাম কৰিছে তেওঁলোকে অন্ততঃ এবাৰ ভালকে পৰীক্ষা কৰা উচিত, যাতে কোনো মহিলাক বিধবা নসজায়। গুৰুত্ব প্ৰদান কৰক হিমন্ত বিশ্ব শৰ্মা।”

ইয়াৰ পিছতেই পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে এই বিষয়ে তদন্ত কৰে।

বিভাগে অজানিতে হোৱা এই ভুলৰ বাবে ক্ষমা বিচাৰে। আৰু টুইটাৰত বিভাগে কয় যে, “ভুলবশত‘ কবিতা বড়াে নামৰ মহিলা গৰাকীয়ে ববিতা শৰ্মাৰ ফোন নম্বৰ দিয়ে। সেয়েহে কবিতা বড়ােৰ নামৰ বিপৰীতে তেওঁৰ ফোন নম্বৰত সেই মেচেজ যায়।”

টুইটাৰত প্ৰকাশ কৰা অনুসৰি, এজন পঞ্চায়ত সদস্যই লাভ কৰা ম’বাইল নম্বৰ আঁচনিৰ হিতাধিকাৰীৰ তালিকাত দাখিল কৰাৰ বাবে এই অবাঞ্ছিত ঘটনা হ’বলৈ পালে বুলি স্পষ্টীকৰণ দিয়ে বিভাগটােৱে।

Leave a Comment