
আজব ঘটনা! প্ৰকৃত গৰাকীক চিনাক্ত কৰিবলৈ সম্পন্ন হ’ল পােহনীয়া কুকুৰৰ DNA পৰীক্ষা
March 20, 2021নিউজ ডেস্ক। এক আচৰিত কাণ্ড। হেৰুওৱা কুকুৰক পুনৰ লাভ কৰিবলৈ আৰক্ষীৰ শৰণাপন্ন হ’ল নিজকে কুকুৰটােৰ গৰাকী বুলি দাবী কৰা দুজনকৈ লােক। কুকুৰটােৰ প্ৰকৃত গৰাকীক চিনাক্ত কৰিবলৈ সম্পন্ন কৰিব লগা হ’ল কুকুৰটােৰ ডিএনএ পৰীক্ষা।
এই ঘটনা মধ্য প্ৰদেশৰ হুশাংবাদৰ।

জানিব পৰা মতে, সাদৱ খান নামৰ এজন সাংবাদিকৰ ক’ক’ নামৰ এটা পোহনীয়া কুকুৰ হেৰাইছিল ২০২০ বৰ্ষৰ আগষ্টত। হেৰুওৱাৰ পিছত কুকুৰটো আছিল ক্ৰুতিক শিৱহাৰে নামৰ নামৰ এজন এবিভিপি নেতাৰ লগত।
কিন্তু প্ৰকৃত গৰাকীয়ে এই সন্দৰ্ভত আৰক্ষী থানাৰ কাষ চাপি গোচৰ দিয়ে। আৰক্ষীয়ে তদন্ত কৰি কুকুৰটো ক্ৰুতিক শিৱহাৰেক গতাই দিয়ে। কিন্তু সেই কথা সহজভাৱে নলৈ কুকুৰটােৰ ডিএনএ পৰীক্ষা কৰিবলৈ দাবী জনালে সাদৱ খানে।
হুশংবাদ আৰক্ষী থানাৰ পৰিদৰ্শক আনুন সিঙে জনোৱা অনুসৰি, এগৰাকী কনিষ্টবলক ক্ৰুতিক শিৱহাৰে ঘৰলৈ তদন্তৰ বাবে প্ৰেৰণ কৰা হয়। কুকুৰটোৰ কিনাৰ নথি-পত্ৰ সহ কুকুৰটোক প্ৰদান কৰা প্ৰতিষেধকৰ ৰছিদো দেখুৱাই তেওঁ। তাৰ পিছদিনাই ক্ৰুতিক শিৱহাৰে থানাত উপস্থিত হয় আৰু কয় যে তেওঁ কুকুৰটো ২০২০ বৰ্ষৰ আগষ্টত ইটাৰাচিৰ পৰা ক্ৰয় কৰিছিল আৰু কুকুৰটোৰ নাম আছিল টাইগাৰ। আৰক্ষীয়ে কুকুৰটো তেওঁক গতাই দিয়ে। কিন্তু সাদৱ খান নামৰ লোকজনে ২০২০ চনৰ ১৮ নৱেম্বৰত দেহাত আৰক্ষী থানাত গোচৰ দি কয় যে আগষ্ট মাহত তেওঁৰ ক’ক’ নামৰ কুকুৰটোৰ হেৰাইছিল আৰু সেইটো ক্ৰুতিক শিৱহাৰে ধৰি থৈছে। তাৰ পিছতেই সাদৱ খানক কুকুৰটােৰ ডিএনএ পৰীক্ষা কৰিবলৈ আৰক্ষীয়ে নিৰ্দেশ দিছিল।
সেই অনুসৰি ২০২০ৰ ডিচেম্বৰত ৩০ হাজাৰ টকাৰ বিনিময়ত তেলেংগানাৰ হাইদৰাবাদত কুকুৰটােৰ ডিএনএ পৰীক্ষা সম্পন্ন কৰা হয়।
সেই পৰীক্ষাৰ প্ৰতিবেদন যোৱা বৃহস্পতিবাৰে তেওঁ লাভ কৰে আৰু প্ৰতিবেদনত প্ৰকাশ পায় যে কুকুৰটো সাদৱ খানৰে হয়। সেই অনুসৰি আৰক্ষীয়ে ১৮ মাৰ্চত সাদৱ খানক কুকুৰটো গতাই দিয়ে।
লগতে চাওকঃ