‘আজাদী কা অমৃত মহোৎসৱ’ উপলক্ষ্যে মহাবাহুৰ বুকুত সৌন্দৰ্যৰ পয়োভৰ! ধুবুৰীত লুইতৰ বুকুত সজাই তোলা হৈছে ৭৫ খন নাও…

‘আজাদী কা অমৃত মহোৎসৱ’ উপলক্ষ্যে মহাবাহুৰ বুকুত সৌন্দৰ্যৰ পয়োভৰ! ধুবুৰীত লুইতৰ বুকুত সজাই তোলা হৈছে ৭৫ খন নাও…

August 13, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ এক নান্দনিক দৃশ্যৰ পয়োভৰ ঘটিল মহাবাহুৰ বুকুত।

আজাদী কা অমৃত মহোৎসৱ উপলক্ষ্যে ধুবুৰী জিলা প্ৰশাসনে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত সজাই তোলা ৭৫ খন নাওৱে সুৱগা চৰালে লুইতৰ।

উল্লেখ্য যে, স্বাধীনতা ৭৫ বছৰ পূৰ্তি উপলক্ষ্যে এইবাৰ সমগ্ৰ দেশ জুৰি পালন কৰা হৈছে আজাদী কা অমৃত মহোৎসৱৰ। ইয়াৰ লগত সংগতি ৰাখিয়েই ধুবুৰী জিলা প্ৰশাসনে আয়োজন কৰিছে ত্ৰিৰংগা ব’ট ৰেলীৰ।

জিলা উপায়ুক্তৰ তৎপৰতাত আয়োজন কৰা এই ব’ট ৰেলীৰ বাবে ইতিমধ্যে ধুবুৰী আৰক্ষী আৰু বিএছএফৰ সহযোগত লুইতৰ বুকুত সুন্দৰকৈ সজাই তুলিছে ৭৫ খন নাও।

এই নাওৰেই স্বাধীনতা দিৱসৰ দিনা কাচাৰী ঘাটৰ পৰা চালাকুৰা চৰলৈ উলিওৱা হ’ব এক ব’ট ৰেলী।

ধুবুৰী জিলা উপায়ুক্তই জানিবলৈ দিয়া মতে, ধুবুৰৰ চৰাঞ্চলত বাস কৰা হাজাৰ হাজাৰ লোকক স্বাধীনতাৰ ৭৫ বৰ্ষপূৰ্তি সম্পৰ্কে সজাগ কৰিবলৈ এই ত্ৰিৰংগা ব’ট ৰেলীৰ আয়োজন কৰা হৈছে।

সুশোভিত ৰঙা-নীলা বেলুন ত্ৰিৰংগাৰে সজাই তোলা ৭৫ খন নাওনে শোভা বৰ্ধন কৰিছে মহাবাহু ব্ৰহ্মপুত্ৰৰ।