আজিৰে পৰা পুনৰ ভাৰতীয় পৰ্যটকৰ বাবে খােল খালে ভূটানৰ প্ৰৱেশ দুৱাৰ…

আজিৰে পৰা পুনৰ ভাৰতীয় পৰ্যটকৰ বাবে খােল খালে ভূটানৰ প্ৰৱেশ দুৱাৰ…

September 23, 2022 Off By NEWS DESK

নিউজ ডেস্ক। আজিৰে পৰা পুনৰ ভাৰতীয় পৰ্যটকৰ বাবে খােল খালে প্ৰতিবেশী ৰাষ্ট্ৰ ভূটানৰ প্ৰৱেশ দুৱাৰ।

ইয়াৰ লগে লগে ভূটান ভ্ৰমণৰ বাবে প্ৰতিক্ষাৰত অসমৰ পৰ্যটকসকলেও লাভ কৰিব প্ৰতিবেশী ৰাষ্ট্ৰখনত প্ৰৱেশৰ সুবিধা।

উল্লেখ্য যে শুকুৰবাৰে পুৱাই ভূটানৰ প্ৰধানমন্ত্ৰী লােটে শ্বেৰিঙে ভূটানৰ প্ৰৱেশ দুৱাৰৰ পৰম্পৰাগত ৰীতি-নীতিৰে মুকলি কৰে।

ইয়াৰ লগে লগে ক’ভিড-১৯ৰ সংক্ৰমণৰ সময়ছােৱাৰ পৰাই বন্ধ হৈ থকা প্ৰতিবেশী ৰাষ্ট্ৰখনত প্ৰৱেশৰ সুবিধা লাভ কৰে অসমৰ উপৰি ভাৰতৰ অন্যান্য ৰাজ্যৰ পৰ্যটকসকলে।

উল্লেখ্য যে ফুয়েনশ্বলিং, পাৰোৰ উপৰিও পৰ্যটকৰ বাবে অতিৰিক্ত তিনিটা প্ৰৱেশ গেট সংযোজন কৰা হৈছে।

অসমৰ তামুলপুৰৰ দৰংগা মেলাত থকা ভূটানৰ প্ৰৱেশ দুৱাৰাে পুনৰ মুকলি কৰা হয়।

এই প্ৰৱেশ পথেৰে ভাৰতৰ সীমান্তৱৰ্তী ভূটানৰ ছামদ্ৰুপ জংখাৰ চহৰ ভ্ৰমণ কৰিব পাৰিব পৰ্যটকসকলে।

ভ্ৰমণৰ সময়ত পৰ্যটকসকলক ভাৰতৰ আধাৰ কাৰ্ড, ভোটাৰ পৰিচয় পত্ৰকে ধৰি অন্যান্য নথি-পত্ৰ লগত আনিবলৈ আহ্বান জনাইছে কতৃপক্ষয়ে।