‘আজি মই অতি দুখেৰে জনাওঁ যে…’ হঠাতে সামাজিক মাধ্যমত কাৰ বিৰুদ্ধে সৰৱ অসম গৌৰৱ লাভলীনা?

নিউজ ডেস্ক। অসম গৌৰৱ তথা টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইয়ে জনপ্ৰিয় মাইক্ৰ ব্লগিং চাইট টুইটাৰ যোগে উত্থাপন কৰা এটা অভিযোগে এতিয়া খলকনি লগাইছে সমগ্ৰ দেশৰ ক্ৰীড়া জগতত।

বাৰ্মিংহামত অনুষ্ঠিতব‍্য কমনৱেলথ গেমছলৈ মাজত মাত্ৰ ৮ টা দিন বাকী থকা সময়তে লাভলিনাই এটা টুইট যোগে প্ৰশিক্ষণৰ সময়ত মানসিক নিৰ্যাতনৰ বলি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে।

তাৰকা বক্সাৰ গৰাকীয়ে অভিযোগ কৰা মতে তাইৰ প্ৰশিক্ষক কেইগৰাকীক কমনৱেলথ গেমচৰ চৌহদত প্ৰৱেশ কৰিবলৈ দিবলৈ অস্বীকাৰ কৰা হৈছে আৰু তাৰ সমান্তৰালকৈ আন এগৰাকী প্ৰশিক্ষকক ঘৰলৈ ওভতাই পঠিওৱা হৈছে।

লাভলিনাই এই সম্পৰ্কত কয় যে তেওঁক অলিম্পিক পদক জিকাত সহায় কৰা প্ৰশিক্ষক দুগৰাকীক কমনৱেলথ গেমছ ২০২২ ৰ বাবে তাইৰ প্ৰশিক্ষণত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়া হোৱা নাই।

বৰগোঁহাইই প্ৰকাশ কৰা মতে, তাইৰ এগৰাকী প্ৰশিক্ষক সন্ধ্যা গুৰুঙক কমনৱেলথ ভিলেজ, বাৰ্মিংহামত প্ৰৱেশ কৰিবলৈ অনুমতি নিদিয়াৰ লগতে আন এজন প্ৰশিক্ষকক ভাৰতলৈ ঘূৰাই পঠোৱা হৈছিল যাৰ বাবে লাভলিনাই প্ৰশিক্ষণত মনোনিবেশ কৰাত অসুবিধাৰ সন্মুখীন হৈছে বুলি জানিবলৈ দিয়ে।

লাভলিনাই ক্ৰীড়া ক্ষেত্ৰৰ পৰা ৰাজনীতিক আঁতৰাই ৰাখিবলৈ আহ্বান জনাইছে আৰু তাইক প্ৰশিক্ষণত মনোনিবেশ কৰিবলৈ দি দেশৰ বাবে পদক জয় কৰাত সহায় কৰিবলৈ আহ্বান জনাইছে।

লগতে চাওকঃ

প্ৰশিক্ষণ সময়তে দুৰ্ঘটনাত পতিত ক্ষুদ্ৰ বিমান, কথমপি প্ৰাণৰক্ষা যুৱতী প্ৰশিক্ষাৰ্থীৰ…