
আজি ৰাজ্যৰ ১৫ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই…
May 10, 2021বহু উৎকণ্ঠাৰ অন্ত পেলাই দেওবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় অসমৰ মুখ্যমন্ত্ৰীৰ নাম।
নিৰ্বাচন ফলাফল ঘোষণাৰ এটা সপ্তাহৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ নাম মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰা হয়।
ড০ শৰ্মা হব ৰাজ্যৰ ১৫ সংখ্যক তথা ২১তম মুখ্যমন্ত্ৰী।
আজি কলাক্ষেত্ৰত ১২ বজাত এক সভাত শপত গ্ৰহণ কৰিব শৰ্মাই।
ইতিমধ্যেই সজাই পৰাই তোলা হৈছে কলাক্ষেত্ৰৰ বাকৰি।
আজিৰ এই সভাৰ বিশেষ অতিথি হিচাপে উপস্থিত থাকিব জে পি নড্ডা, জীতেন্দ্ৰ সিং, অৰুণাচল প্ৰদেশ, মণিপুৰ,ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ লগতে অন্যান্য কেইবাগৰাকী শীৰ্ষ নেতা।
আজিৰ এই শপত গ্ৰহণ সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে অন্য ৬ গাৰকী বিধায়কেও শপত গ্ৰহণ লোৱাৰ সম্ভাৱনা আছে।
এই ৬ গৰাকী বিধায়ক হ’ল- ৰণজিত কুমাৰ দাস, অতুল বৰা, গোবিন্দ বসুমতাৰী, অজন্তা নেওগ, জয়ন্ত মল্ল বৰুৱা আৰু পিয়ুষ হাজৰিকা নাইবা সিদ্ধাৰ্থ ভট্টাচাৰ্য হোৱাৰ সম্ভাৱনা।