আজৱ কাণ্ড! বিয়াৰ ৰভাতলীতে তয়াময়া ৰণ দৰা-কইনাৰ, ভাইৰেল ভিডিঅ’ই কঁপাইছে নেট দুনীয়া…

আজৱ কাণ্ড! বিয়াৰ ৰভাতলীতে তয়াময়া ৰণ দৰা-কইনাৰ, ভাইৰেল ভিডিঅ’ই কঁপাইছে নেট দুনীয়া…

December 13, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ ভাৰতীয় পৰম্পৰাত বিয়া বুলি ক’লে এক মধুৰ মুহূৰ্তৰ কথাই মনলৈ আহে, য’ত দুটি মনে এক হোৱাৰ পণ লয়।

লাজ-শংকাত দুৰু দুৰুকৈ কঁপি থকা দুটি মনে বিয়াৰ ৰভাতলীতে সংগোপনে ৰচে যুগ্ম জীৱনৰ অলেখ সপোন।

কিন্তু বিয়াৰ ৰভাতলীতে যদি দৰা-কইনাৰ মাজত আৰম্ভ হয় তয়াময়া ৰণ…

অবিশ্বাস্য যেন লগা এনে ঘটনাৰে এটা ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

দ্ৰুতগতিত ভাইৰেল হোৱা এই ভিডিঅ’টো প্ৰত্যক্ষ কৰি কোনোৱে যদি কৰিছে ইস আস, আন কোনোৱে আকৌ পাৰে মানে হাঁহিছে।

ভাইৰেল ভিডিঅ’টোত দৰাজনে কইনাক মিঠাই খুৱাই দিয়া দেখা গৈছে।

কিন্তু দৰাই জোৰকৈ কইনাক মিঠাই খুৱাবলৈ লওতেই খঙত অগ্নিশৰ্মা হৈ পৰা কইনাই প্ৰচণ্ড চৰ শোধায় দৰাৰ গালত।

বিয়াৰ ৰভাতলীত অংসখ্য মানুহৰ সন্মুখত কইনাৰ চৰ খাই কেনেকৈ মনে মনে থাকে দৰা?

তাৰ পিছতে উপৰ্যুপুৰি আক্ৰমণ চলে দৰা-কইনাৰ মাজত।

যিমানেই দৰাই কইনাৰ ওপৰত আক্ৰমণ চলাইছে, সিমানেই হিংস্ৰ বাঘিনীৰ দৰে দৰাৰ ওপৰত জঁপিয়াই পৰিছে কইনাইও।

কাষত উপস্থিত থকা আন সকলে দৰা-কইনাক বাধা দিয়াৰ চেষ্টা চলাই যদিও ব্যৰ্থ হোৱা দেখা গৈছে ভিডিঅ’টোত।

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এই ভিডিঅ’টো ক’ৰ, সেয়া অৱশ্যে স্পষ্ট নহয়।