
আজৱ কাণ্ড! হাস্পতালত মৃত্যু মহিলাৰ, পৰিয়ালক চমজাই দিয়া হ’ল পুৰুষৰ মৃতদেহ, সৎকাৰ কৰিবলৈ লওতেই লাগিল হাহাকাৰ…
December 18, 2022নিউজ ডেস্কঃ হাস্পতালত মৃত্যু হ’ল মহিলাৰ।
কিন্তু ঘৰত সৎকাৰৰ বাবে চিতাৰ ওপৰত তোলাৰ সময়তে চকু থৰ লাগিল পৰিয়ালৰ লগতে উপস্থিত সকলোৰে।
মহিলা বুলি এজন পুৰুষৰ মৃতদেহ মহিলাগৰাকীৰ পৰিয়ালক চমজাই দিলে হাস্পতাল কৰ্তৃপক্ষই।
এই আজৱ কাণ্ড সংঘটিত হৈছে উত্তৰ গুৱাহাটীৰ জিএনআৰচি হাস্পতালত।
মহিলাৰ মৃতদেহ বুলি পুৰুষৰ মৃতদেহ পৰিয়ালক চমজাই দিয়াৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
জানিব পৰা মতে, হৃদৰোগত আক্ৰান্ত হৈ বিগত কিছুদিন জিএনআৰচিত চিকিৎসাধীন হৈ আছিল ওদালগুৰি জিলাৰ ভকতপাৰা কছাৰী গাঁৱৰ জ্যোতিকা বসুমতাৰী নামৰ মহিলাগৰাকী।
শনিবাৰে নিশা প্ৰায় ১০ বজাত চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে মহিলাগৰাকীৰ।
পিছত হাস্পতাল কৰ্তৃপক্ষই মহিলাগৰাকীৰ মৃতদেহ চমজাই দিয়ে পৰিয়ালৰ হাতত।
কিন্তু মহিলাগৰাকীৰ মৃতদেহ স্বগৃহলৈ নি খুলি চোৱাৰ পিছতে জ্যোতিকা বসুমতাৰীৰ ঠাইত এজন অচিনাক্ত পুৰুষৰ মৃতদেহ প্ৰত্যক্ষ কৰে পৰিয়ালে।
যাৰ বাবে এতিয়া জিএনআৰচি কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে মহিলাগৰাকীৰ পৰিয়াল।
আনহাতে হাস্পতালখনৰ এনে অবিবেচক কাণ্ডই এতিয়া সৃষ্টি কৰিছে চাঞ্চল্যৰো।