আজৱ কাণ্ড! ৰে’ল লাইনত থিয় হৈ ৰে’ল ৰখাবলৈ হাতেৰে ইংগিত সুৰাসক্তৰ, তাৰ পিছত ঘটিল এই ঘটনা… ভাইৰেল ভিডিঅ’…

আজৱ কাণ্ড! ৰে’ল লাইনত থিয় হৈ ৰে’ল ৰখাবলৈ হাতেৰে ইংগিত সুৰাসক্তৰ, তাৰ পিছত ঘটিল এই ঘটনা… ভাইৰেল ভিডিঅ’…

January 5, 2023 Off By NEWS DESK

নিউজ ডেস্কঃ সুৰাৰ নিচাত বহুতে অনেক নোহোৱা নোপোজা কাম কৰে।

কোনোবাই যদি মদৰ নিচাত নিজকে বাহুবলী বুলি ভাৱিবলৈ লয়, আন কোনোবা আকৌ এখন্তেকৰ বাবে হৈ পৰে ইংৰাজীৰ প্ৰফেছাৰ।

কিন্তু এই সকলোবোৰৰ ওপৰলৈ উঠি এইবাৰ চলন্ত ৰে’লকে ৰখোৱাৰ চেষ্টা চলালে এজন সুৰাৰ নিচাত মাতাল যুৱকে।

ৰে’লপথত থিয় হৈ হাতেৰে ইংগিত দি এখন চলন্ত ৰে’ল ৰখোৱাৰ চেষ্টা সুৰাসক্ত যুৱকজনৰ।

এই ঘটনাৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ বৰেলীত সংঘটিত হৈছে এই ঘটনা।

ভিডিঅ’টোত এজন যুৱকক চলন্ত ৰে’লৰ সন্মুখত ট্ৰেকটোৰে খোজ কাঢ়ি যোৱা দেখা গৈছে।

ইয়াৰ পিছত যেতিয়া ৰেলখন যুৱকজনৰ ওচৰ পায়, তেতিয়া ৰে’লখন ৰখাবলৈ ইংগিত দি ৰে’ল লাইনৰ পৰা আঁতৰি যায় যুৱকজনে।

এই দৃশ্য দেখি পাইলটে ৰে’লখন ৰখায়। কিন্তু অকাৰণত ৰে’ল ৰখিবলৈ ইংগিত দিয়া সুৰাসক্ত যুৱকজনক এশিকনি দিয়াৰ সিদ্ধান্ত লয় পাইলটে।

ভাইৰেল ভিডিঅ’টোত দেখা যায় যে ৰেলৰ পৰা নামি আহি পাইলটজনে যুৱকজনক খেদি খেদি গালত এটা প্ৰচণ্ড চৰ শোধায়।

সুৰাৰ নিচাত চলন্ত ৰে’ল ৰখোৱা মাতাল যুৱকজনৰ এই কাণ্ডই এতিয়া সামাজিক মাধ্যমতো চৰ্চা লাভ কৰিছে।