আধৰুৱা হৈ ৰ’ল চিকিৎসক হােৱাৰ সপােন, দুৰ্ঘটনাত প্ৰাণ গ’ল MBSSৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰৰ…

আধৰুৱা হৈ ৰ’ল চিকিৎসক হােৱাৰ সপােন, দুৰ্ঘটনাত প্ৰাণ গ’ল MBSSৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰৰ…

October 20, 2022 Off By NEWS DESK

নিউজ ডেস্ক। এক শােকাৱহ দুৰ্ঘটনাত প্ৰাণ গ’ল এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰৰ।

শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ চৌহদৰ ভিতৰতে সংঘটিত বাইক দুৰ্ঘটনাত প্ৰাণ গ’ল এমবিবিএছ চূড়ান্ত বৰ্ষৰ ছাত্ৰ ডিকচন পানমেইৰ।

জানিব পৰা মতে, চিকিৎসা মহাবিদ্যালয়খনৰ চৌহদত বাইক দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱায় চিকিৎসা বিজ্ঞানৰ ছাত্ৰগৰাকীয়ে।

তেওঁ আৰু আন এজন বন্ধুৱে বাইক চলাই থকা সময়তে পুৱা প্ৰায় ৩.৩০ বজাত দুয়োজন দুৰ্ঘটনাত পতিত হয়।

এই দুৰ্ঘটনাৰ ফলত মূৰত আঘাত পায় ডিকচন পানমেইয়ে।

আনহাতে এই দুৰ্ঘটনাত এলভিন নামৰ আনজন ছাত্ৰও আহত হয়।

বৰ্তমান চিকিৎসাধীন হৈ আছে আহত ছাত্ৰজন।

জানিব পৰা মতে, নিহত ডিকচন পানমেই শিলচৰৰ শিৱলিক পাৰ্কৰ বাসিন্দা।

সৰুৰে পৰা চিকিৎসক হৈ জনসেৱাৰ কামত নিয়ােজিত হােৱাৰ সপােন দেখা ছাত্ৰজনৰ সপােন অসম্পূৰ্ণ হৈ ৰ’ল।

ছাত্ৰজনৰ মৃত্যুত মৃয়মান আত্মীয়ৰ লগতে অঞ্চলবাসী।