আন এক গুৰুত্ব দায়িত্ব অৰ্পণ অসম সন্তান IPS সুজয় লাল থাওছেনক, CRPFৰ সঞ্চালকপ্ৰধান ৰূপে নিযুক্তি

আন এক গুৰুত্ব দায়িত্ব অৰ্পণ অসম সন্তান IPS সুজয় লাল থাওছেনক, CRPFৰ সঞ্চালকপ্ৰধান ৰূপে নিযুক্তি

October 2, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ আন এক গুৰু দায়িত্ব অসম মাতৃৰ সুযোগ্য সন্তান আইপিএছ বিষয়া সুজয় লাল থাওছেনক।

এইবাৰ তেওঁক প্ৰদান কৰা হৈছে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চিআৰপিএফৰ নতুন সঞ্চালপ্ৰধানৰ দায়িত্ব।

আইপিএছ বিষয়া কুলদীপ সিঙৰ অৱসৰৰ পিছতে এই গুৰু দায়িত্ব প্ৰদান কৰা হয় আইপিএছ বিষয়া থাওছেনক।

উল্লেখ্য যে, শুকুৰবাৰে চিআৰপিএফৰ সঞ্চালকপ্ৰধান (ডিজি) পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল আইপিএছ কুলদীপ সিঙে।

১১৮৮ বেটছৰ মধ্য প্ৰদেশৰ কেডাৰ অসম সন্তান থাওছেনক পূৰ্বে নিযুক্তি দিয়া হৈছিল এছএছবিৰ সঞ্চালকপ্ৰধানৰূপে।

একে সময়তে আইটিবিপিৰ অতিৰিক্ট দায়িত্বতো আছিল সুজয় লাল থাওছেন।

এতিয়া আইপিএছ অনিল দয়াল সিঙক নিযুক্তি দিয়া হৈছে আইটিবিপিৰ সঞ্চালকপ্ৰধান ৰূপে।