নিউজ ডেস্ক। আইৰ সমান হ’ব কোন, নৈৰ সমান বব কোন!
পৃথিৱীৰ এনে কোনো স্থানেই হয়তো যত মাতৃৰ প্ৰতি থকা আবেগ পৃথক হ’ব। সকলো ঠাইতেই আই মানে বুজাব নোৱাৰা অনুভূতি।
শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে মাতৃ-কন্যাৰ এৰাব নোৱাৰা স্নেহৰ এক ভিডিঅ’।
![vlcsnap-2021-12-19-18h04m48s117](https://i0.wp.com/i.ibb.co/K25mLNJ/vlcsnap-2021-12-19-18h04m48s117.png?w=900&ssl=1)
মাতৃৰ বিয়োগৰ পিছতো এগৰাকী কন্যাই নিজৰ বিবাহ অনুষ্ঠানত মাতৃৰ এখন আলোকচিত্ৰ হাতত লৈ প্ৰৱেশ কৰা দেখা গৈছে ভিডিঅ’টোত।
সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ’টো পাকিস্তানৰ কোনো বিবাহ অনুষ্ঠানৰ।
![vlcsnap-2021-12-19-18h04m42s454](https://i0.wp.com/i.ibb.co/c6VWwWX/vlcsnap-2021-12-19-18h04m42s454.png?w=900&ssl=1)
ফেচবুক আৰু ইনষ্টাগ্ৰামাত মহা ৱাজাহাত খান নামৰ প্ৰফাইলৰ পৰা শ্বেয়াৰ কৰা ভিডিঅ’টোত দেখা গৈছে এগৰাকী কইনাই হাতত প্ৰয়াত মাতৃৰ এখন ফটো লৈ বিবাহ অনুষ্ঠানত প্ৰৱেশ কৰিছে।
তেওঁৰ লগত পিতৃও প্ৰৱেশ কৰিছে। দুয়োৰে চকু সেমেকা।
ভিডিঅ’টোৱে চচিয়েল মিডিয়াত লাখ লাখ দৰ্শকক আবেগিক কৰি তুলিছে।
মৃত্যুৰ পিছতো নিজৰ জীৱনৰ বিশেষ দিনটোত মাতৃৰ সংগ এখন ফটোৰ জৰিয়তে অনুভৱ কৰাৰ আবেগিক দৃশ্যই নিঃসন্দেহে প্ৰতিজন দৰ্শকৰ দুচকু সেমেকাই তুলিব পাৰে।
লগতে চাওকঃ
আবেগিক মুহূৰ্ত! শ্বহীদ জােৱানৰ ভগ্নীৰ বিয়াত ভাতৃৰ সমস্ত দায়িত্ব পালন সতীৰ্থ জোৱানৰ