আশ্বৰ্যকৰ! ব্যস্ত ঘাইপথৰ ট্ৰেফিক পইন্টৰ ওপৰত ওলমি ৰৈছে এখন দুৰ্ঘটনাগ্ৰস্ত বাহন, সামাজিক মাধ্যমত ভাইৰেল দৃশ্য…

নিউজ ডেস্কঃ ভাৰতত প্ৰতিদিনে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হয় ৩ শতাধিক লোকে। দুৰ্ঘটনাই কাৰোবাৰ শিৰৰ সেন্দুৰ মচি পেলায়, কাৰোবাৰ বুকু উদং কৰি থৈ যায়।

প্ৰতিদিনে ভয়াবহ হাৰত সংঘটিত হোৱা পথ দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে চৰকাৰ আৰু প্ৰশাসনে। শেহতীয়াকৈ পথ দুৰ্ঘটনা প্ৰতিৰোধৰ বাবেই চাৰিচকীয়া বাহনত যাত্ৰা কৰা সকলো যাত্ৰীয়ে চিট বেল্ট পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে।

পথ দুৰ্ঘটনাৰ প্ৰতি চালক-আৰোহীক সজাগ কৰিবলৈ এক বিশেষ কৌশল অৱলম্বন কৰিছে উত্তৰ প্ৰদেশ প্ৰশাসনে। ঘৰৰ পৰা ওলাই অহাৰ সময়ত যাতে যাত্ৰী-আৰোহী পথ দুৰ্ঘটনাৰ প্ৰতি সচেতন হয়, তাৰ বাবে জবলপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এটা ট্ৰেফিক পইণ্টৰ ওপৰত সকলোৱে দেখাকৈ ওলোমাই ৰখা হৈছে এখন দুৰ্ঘটনাগ্ৰস্ত চাৰিচকীয়া বাহন।

জবলপুৰ-মিৰ্জাপুৰ-নাগপুৰ ঘাইপথ (ৰাষ্ট্ৰীয় ঘাইপথ-৩০)ৰ লামহেটা বাইপাছ ছেক্সনৰ এটা ট্ৰেফিক পইণ্টৰ ওপৰত দুৰ্ঘটনাগ্ৰস্ত বাহনখন ওলোমাই থোৱা হৈছে। দূৰৈৰ পৰা দেখিলে সেয়া আচৰিত যেন লাগিলেও কাষ চাপি বাহনখনৰ ঠিক তলতে লিখি থোৱা কথাখিনি পঢ়িলে স্বাভাৱিকতে সেয়া যে জনতাক দুৰ্ঘটনাৰ প্ৰতি জনতাক সজাগ কৰিবলৈ কৰা হৈছে, সেয়া অনুমান কৰিব পাৰি।

জবলপুৰৰ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বহুগুণাই জানিবলৈ দিয়া মতে, ৩০ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰায়ে সংঘটিত দুৰ্ঘটনাত বহু লোকে প্ৰাণ হেৰুৱাই আহিছে। সেইবাবেই ট্ৰেফিক আৰক্ষীয়ে এই বিশেষ কৌশল গ্ৰহণ কৰি চালক-আৰোহীক পথ দুৰ্ঘটনাৰ প্ৰতি সজাগ কৰাৰ প্ৰয়াস কৰিছে।