আশ্বৰ্যকৰ! শাস্তিৰ পৰা বাচিবলৈ গাত কফন পিন্ধি জীৱন্তে চিতাত উঠিল ধৰ্ষণৰ অভিযুক্ত, পিতৃয়ে মুখাগ্নিৰ ফটো তুলি দাখিল কৰিলে আদালতত…

আশ্বৰ্যকৰ! শাস্তিৰ পৰা বাচিবলৈ গাত কফন পিন্ধি জীৱন্তে চিতাত উঠিল ধৰ্ষণৰ অভিযুক্ত, পিতৃয়ে মুখাগ্নিৰ ফটো তুলি দাখিল কৰিলে আদালতত…

October 18, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ নাবালিকাক ধৰ্ষণৰ গোচৰত শাস্তি লাভৰ পৰা ৰক্ষা পৰিবলৈ চিনেমাৰ কায়দাত মৃত্যুৰ অভিনয় কৰিলে এজন লম্পট শিক্ষকে।

কিন্তু শেহতীয়াকৈ অভিযুক্ত শিক্ষকজনৰ সমগ্ৰ কাণ্ড পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

এই ঘটনাৰ স্থান বিহাৰৰ ভগলপুৰ জিলা।

ইতিমধ্যে আদালতত আত্মসমৰ্পণ কৰা অভিযুক্তজনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে।

জানিব পৰা মতে, ভগলপুৰৰ ইশিপুৰ বৰাহাট থানা অঞ্চলৰ নিৱাসী ৰাজাৰাম নামৰ এজন শিক্ষকৰ বিৰুদ্ধ ২০১৮ চনৰ ১৪ অক্টোবৰত এগৰাকী নাবালিকাক ধৰ্ষণৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছিল।

আদালতত বিচাৰধীন এই গোচৰৰ শাস্তিৰ পৰা হাত সাৰিবলৈকে শেহতীয়াকৈ অভিযুক্তজনে পিতৃৰ সৈতে মিলি চিনেমাৰ কায়দাত কৌশল ৰচনা কৰে।

সেই অনুসৰি গাত কফন পিন্ধি জ্বলন্ত চিতাৰ ওপৰত শুই পৰে অভিযুক্ত শিক্ষকজন। আৰু তেতিয়াই পিতৃয়ে মৃত পুত্ৰৰ মুখাগ্নি কৰাৰ ছবি তুলি তাৰ আধাৰত পঞ্চায়ত সম্পাদকৰ পৰা পুত্ৰৰ মৃত্যুৰ প্ৰমাণ পত্ৰ বনায়।

পৰৱৰ্তী সময়ত মৃত্যুৰ প্ৰমাণ পত্ৰ আৰু শ্মশানত কাঠ ক্ৰয় কৰাৰ ৰচিদৰ সৈতে অভিযুক্তৰ পিতৃয়ে আদালতত শপতনামা দাখিল কৰে।

অভিযুক্ত শিক্ষকজনৰ পিতৃয়ে ২০২২ চনৰ ১৯ এপ্ৰিলত মৃত্যুৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিছিল, য’ত ২০২২ চনৰ ২৭ ফেব্ৰুৱাৰীত তেওঁৰ ভুৱা মৃত্যুৰ তথ্য দিয়া হৈছিল।

এই মৃত্যুৰ প্ৰমাণ পত্ৰৰ ভিত্তিত আদালতে গোচৰটো বন্ধ কৰি দিয়ে। কিন্তু শপতনামা দাঙি ধৰা ভুক্তভোগীৰ পৰিয়াল তথা অধিবক্তা উমেশ প্ৰসাদে যেতিয়া জিলা জনসংযোগ প্ৰতিকাৰ বিষয়াৰ ওচৰত অভিযোগ কৰে তেতিয়া সমগ্ৰ বিষয়টো পোহৰলৈ আহে।

ইয়াৰ পিছতে আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰে অভিযুক্ত শিক্ষকজনক। বৰ্তমান আদালতে ১৪ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে শিক্ষকজনক।