আশ্বৰ্যকৰ! ৫ দিন ধৰি নৈৰ মাজত উপঙি থাকিও জীৱন্তে উদ্ধাৰ এটি নৱজাতক…

আশ্বৰ্যকৰ! ৫ দিন ধৰি নৈৰ মাজত উপঙি থাকিও জীৱন্তে উদ্ধাৰ এটি নৱজাতক…

October 8, 2022 Off By NEWS DESK

নিউজ ডেস্ক। ৰাখে হৰি মাৰে কোনে? ৫ দিন ধৰি মাজ গংগাত উপঙি থাকিও জীৱন ৰক্ষা পৰিল এটি নৱজাতকৰ।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে পশ্চিমবংগৰ মালদাৰ মাণিকচক আৰক্ষী থানাৰ নিউ বিলাইমাৰী অঞ্চলত।

বিলাইমাৰী অঞ্চলৰ গংগাৰ সোমাজত পাষ্টিকৰ এটি বেবী বাথ টাবত এটি কণমানি শিশু উটি গৈ থকা দেখি স্থানীয় লোকে নাওৰে গৈ শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

গংগাৰ কোবাল সোঁতৰ মাজতো শিশুটি জীৱন্তে উদ্ধাৰ হোৱা ঘটনাই অঞ্চলবাসীক স্তম্ভিত কৰি তুলিছে। দেৱী দুৰ্গাক গংগাৰ বুকুত বিসৰ্জন দিয়াৰ পিছত শিশুৰ ৰূপত দেৱী দুৰ্গা পুনৰ ধৰালৈ অহা বুলিয়েই বিশ্বাস কৰিছে অনেকেই।

শিশুটিক উদ্ধাৰ কৰি স্থানীয় ৰাইজে পিছত মালদাহ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।

চিকিৎসকে দাবী কৰা মতে, নৱজাতক শিশুটি ৫ দিন ধৰি গংগাৰ পানীত উপঙি আছিল। কিন্তু এটি কণমানি নৱজাতক কেনেদৰে ইমান দিন শিশুটি জীয়াই থাকিল সেয়া ৰহস্য হৈ পৰিছে।

মা গংগাৰ আশীৰ্বাদ অবিহনে শিশুটি জীয়াই থকাটো সম্ভৱ নহ’লহেঁতেন বুলি মন্তব্য কৰিছে ইশ্বৰত বিশ্বাসী অঞ্চলবাসীয়ে।

নয়া বিলাইমাৰী অঞ্চলৰ নিৱাসী তথা প্ৰত্যক্ষদৰ্শী আকমল শ্বেখে কয় যে, শুকুৰবাৰে পুৱা আমাৰ মাজৰে কিছুসংখ্যকে গংগাৰ পাৰত বহি আছিল। হঠাতে দেখিলোঁ ডাঙৰ খেলনা বেলুন এটাৰ দৰে কিবা এটা ওপঙি আছে। তাৰ পৰা এটা কেঁচুৱাৰ কান্দোনৰ শব্দ আহি আছে।

ইয়াৰ পিছতে নাও লৈ কেইবাজনো স্থানীয় লোক গংগাৰ মাজত উপস্থিত হয় আৰু শিশুটি প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰি পাৰলৈ লৈ আনে।

শিশুটিৰ শাৰীৰিক অৱস্থা বেয়া হোৱাৰ বাবে ততাতৈয়াকৈ মালদা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। কৰ্তব্যৰত চিকিৎসকে জনোৱা মতে, প্ৰথম অৱস্থাত শিশুটিৰ বয়স পাঁচৰ পৰা ছয় দিন হ’ব বুলি ভবা হৈছে।

ইফালে ঘটনা সন্দৰ্ভত মাণিকচাক থানাৰ আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। প্ৰথম অৱস্থাত আৰক্ষীয়ে অনুমান কৰিছিল যে কোনোবাই কন্যা সন্তান জন্ম দিয়াৰ পিছত শিশুটিক নদীত পেলাই দিছিল।

চাৰি-পাঁচ দিনলৈ শিশুটি গংগা নদীৰ পাৰত ওপঙি থাকিব পাৰে। তদন্তকাৰী আৰক্ষী বিষয়াৰ মতে শিশুটি হয়তো বিহাৰ বা ৰতুৱা অঞ্চলৰ হৰিশচন্দ্ৰপুৰৰ পৰা আহিছে।