নিউজ ডেস্ক। বিভিন্ন কাম কৰি দিয়াৰ বিনিময়ত একাংশ দুৰ্নীতি পৰায়ণ চৰকাৰী কৰ্মচাৰীয়ে সাধাৰণ লােকৰ পৰা উৎকােচ দাবী কৰাটাে তেনেই সাধাৰণ ঘটনা।
কিন্তু এইবাৰ এখােপ আগুৱাই গৈ আৰক্ষীৰ পৰাই উৎকােচ দাবী কৰিলে কােষাগাৰৰ মহিলা কৰ্মচাৰীয়ে। এই ঘটনা সংঘটিত হৈছে নগাঁও জিলা কােষাগাৰ প্ৰাধিকাৰীৰ কাৰ্যালয়ত।

অৱশ্যে এই বিষয়ে তথ্য লাভ কৰি খােদ জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই উৎকােচ লৈ থকা অৱস্থাত হাতে-লােটে ধৰিলে কৰ্মচাৰীগৰাকীক।
জানিব পৰা মতে, নগাঁৱতে কৰ্মৰত নবীন বৰা নামৰ এইগৰাকী আৰক্ষী কনিষ্টবলে ইপিএফৰ ধন মােকলাবলৈ নগাঁও কোষাগাৰ প্ৰাধিকাৰীৰ কাৰ্যালয়লৈ গৈছিল।

কিন্তু ধন মোকলাই দিয়াৰ নামত আৰক্ষী কনিষ্টবলজনক হাৰাশাস্তি কৰিছিল খুচবু হাৰলালকা নামৰ মহিলা কৰ্মচাৰীগৰাকীয়ে।
অৱশেষত কামৰ বিনিময়ত নবীন বৰাৰ পৰা ১ হাজাৰ উৎকোচ বিচাৰিলে খুচবু হাৰলালকা নামৰ এইগৰাকী মহিলা কৰ্মচাৰীয়ে ৷
অৱশেষত আৰক্ষী কনিষ্টবল নবীন বৰাই বিষয়টো নগাঁও আৰক্ষীক অৱগত কৰে।
Accounts Assistant of Nagaon Treasury, Ms. Khushboo Harlalka Arrested red handed for demanding and accepting BRIBE from a Police Constable for clearing his GPF dues.#ZeroTolerance #জনহিতজনসেৱাৰ্থে @assampolice @DGPAssamPolice @CMOfficeAssam pic.twitter.com/WL5LNuBWAB
— Nagaon Police (@nagaonpolice) September 15, 2021
কনিষ্টবলজনৰ খবৰৰ ভিত্তিত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত অভিযান চলাই ঘোচ লৈ থকা অৱস্থাত হাতে-লোটে আটক কৰে কোষাগাৰৰ কৰ্মচাৰী খুচবু হাৰলালকাক।
সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে বিপদত পৰি ইপিএফ ধন উলিয়াব খােজা এজন আৰক্ষী কনিষ্টবলৰ পৰা উৎকােচ দাবী কৰা ঘটনাই সূচায় যে সাধাৰণ লােকৰ লগত এনে দুৰ্নীতি পৰায়ণ কৰ্মচাৰীয়ে কেনে ব্যৱহাৰ কৰে।
তেওঁ লগতে কয় যে অতি কম সময় পােৱাৰ বাবে এই অভিযানৰ খবৰ ভিজিলেঞ্চক নিদি খােদ জিলা আৰক্ষীয়ে এই অভিযান চলায়।