আৰক্ষীৰ জােৱানৰ সততাৰ বাবে এক লাখ টকাসহ মহিলাই পুনৰ ঘূৰাই পালে হেৰুওৱা বেগ

নিউজ ডেস্ক। কৰ্তব্যৰত আৰক্ষী জােৱান সকলে সততাৰ পৰিচয় দি লাভ কৰিছে বিশেষ চৰ্চা।

সততাৰ এই নিদৰ্শন দাঙি ধৰিলে গুজৰাটৰ চুৰাট আৰক্ষীৰ যান-বাহন শাখাত কৰ্মৰত জােৱানসকলে।

জানিব পৰা মতে, ট্ৰেফিক আৰক্ষীৰ জোৱানসকলৰ কৰ্তব্যৰত অৱস্থাত ৰাজপথত পৰি থকা এটা পৰিত্যক্ত বস্তুৰ ওপৰত চকু পৰে। জােৱানসকলে বস্তুত উঠাই সেইটাে মহিলাৰ পাৰ্ছ বুলি নিশ্চিত হয়।

পাৰ্ছটােত আছিল নগদ ১ লাখ টকাসহ অন্যান্য সামগ্ৰী।

জানিব পৰা মতে, আলথামা কেনাল ৰোডৰ বাসিন্দা মিত্তাল উমিয়াগ্ৰা ঘৰৰ ওচৰৰে ভাটাৰ চাৰিআলিৰ মাজেৰে গৈ আছিল।

সেই সময়ছোৱাত তেওঁৰ স্কুটাৰত ৰখা বেগটো পথত বাগৰি পৰিছিল। তেওঁ সেই কথা গম পোৱা নাছিল।

পিছত যান-বাহন আৰক্ষীৰ জোৱান দিনেশ পেটেল আৰু ৰাহুল বাহিৰাম সেই স্থানত উপস্থিত হয়। তেওঁলোকে পইণ্ট আৰক্ষী কনিষ্টবল বলদেৱ আৰু হেড কনিষ্টবল কৈলাশভাইক সেই কথা জনায়।

তেওঁলোকে বেগটো অথৱাগেট আৰক্ষী চকীলৈ পঠিয়াই দিয়ে। কিছু সময়ৰ পিছত মিত্তালে তেওঁৰ বেগটো বিচাৰি সেই স্থানলৈ আহিছিল আৰু তেওঁক বেগটো পোৱাৰ বিষয়ে তেওঁলোকে কৈছিল।

তাৰ পিছত বেগটোত পোৱা ড্ৰাইভিং লাইচেঞ্চ আদি পৰীক্ষা কৰিছিল। তেওঁলোকে তেওঁক অথৱাগেট আৰক্ষী চকীলৈ পঠিয়াইছিল।

সেই কথা বিষয়াসকলে জানিব পাৰি যান-বাহন আৰক্ষীৰ হাতেৰেই বেগটো মহিলা গৰাকীক ঘূৰাই দিয়ে আৰু আৰক্ষী আয়ুক্তই তেওঁলোক দুয়োকে সম্বৰ্ধনা জনায়। মিত্তালেও আৰক্ষীৰ দলটোক ধন্যবাদ জনায়।

Leave a Comment