
আৰক্ষীৰ দীৰ্ঘ সময় জেৰা, অৱশেষত জামিনত মুক্তি লাভ কাছাৰ কলেজৰ অধ্যক্ষ ডঃ সিদ্ধাৰ্থ শংকৰ নাথৰ
August 22, 2022নিউজ ডেস্ক। অসম চৰকাৰে চতুৰ্থ বৰ্গৰ ১৩,৩੦੦ টা পদ পূৰণৰ বাবে দেওবাৰে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত নিৰ্ধাৰিত প্ৰ’টকল ভংগ কৰি চৰম গাফলতিৰ পৰিচয় দিয়া শিলচৰৰ কাছাৰ কলেজৰ অধ্যক্ষ ডঃ সিদ্ধাৰ্থ শংকৰ নাথ ৰােষত পৰিছিল জিলা প্ৰশাসনৰ।
চৰকাৰী চাকৰিৰ এই বৃহৎ পৰীক্ষা আয়ােজনৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা চৰম গাফিলতিৰ অভিযােগতে গ্ৰেপ্তাৰ হ’বলগা হ’ল পৰীক্ষা কেন্দ্ৰৰ দায়িত্বত থকা মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকী।
কাছাৰ জিলা উপায়ুক্ত ৰােহন ঝাৰ এজাহাৰৰ ভিত্তিতে ডঃ সিদ্ধাৰ্থ শংকৰ নাথক কাছাৰ আৰক্ষীয়ে পৰীক্ষা চলি থকাৰ মাজতে গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে অসম চৰকাৰৰ নিযুক্তি পৰীক্ষাৰ বাবে শিলচৰৰ কাছাৰ মহাবিদ্যালয়তাে এটা পৰীক্ষা কেন্দ্ৰ স্থাপন কৰিছিল জিলা প্ৰশাসনে।
কিন্তু কাছাৰৰ জিলা উপাযুক্ত ৰোহন ঝাই কাছাৰ মহাবিদ্যালয়ত পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অধ্যক্ষগৰাকীয়ে প্ৰ’টকল ভংগ কৰাৰ লগতে সংশ্লিষ্ট চৰকাৰী বিষয়াকাে দুৰ্ব্যৱহাৰ কৰাৰ অভিযােগ লাভ কৰিছিল।
আনকি নিৰ্ধাৰিত সময়মতে মহাবিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ দুৱাৰাে খােলা হােৱা নাছিল।

অধ্যক্ষগৰাকীৰ এনে খামখেয়ালিৰ পিছত কাছাৰৰ উপায়ুক্ত ৰােহন ঝাই অধ্যক্ষগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।
এই এজাহাৰৰ ভিত্তিতেই কাছাৰ আৰক্ষীয়ে অধ্যক্ষ ডঃ সিদ্ধাৰ্থ শংকৰ নাথক গ্ৰেপ্তাৰ কৰে।
ইয়াৰ পিছতে অধ্যক্ষগৰাকীৰ কেইবাঘন্টা ধৰি থানাৰ ভিতৰতে জেৰা চলায় কাছাৰ আৰক্ষীৰ উৰ্ধতন বিষয়াই।
অৱশেষত জামিন লাভ কৰে অধ্যক্ষগৰাকীয়ে।
জানিব পৰা মতে, অধ্যক্ষগৰাকীয়ে অহা ২৫ আগষ্টত পুনৰ মালুগ্ৰাম টাউন আউটপ’ষ্টত এই গােচৰ সংক্ৰান্তত হাজিৰ হ’ব লাগিব।
[…] নিযুক্তি পৰীক্ষাত গাফিলতিৰ অভিযােগত … […]