আৱেগিক দৃশ্য! শ্বহীদ ভাতৃৰ প্ৰতিমূৰ্তিত ৰাখী পিন্ধাই ৰাখী বন্ধন উদযাপন ভগ্নীৰ

নিউজ ডেস্কঃ বৃহস্পতিবাৰে শাওন মাহৰ পবিত্ৰ পূৰ্ণিমা তিথিত দেশজুৰি উদযাপন কৰা হৈছে ভাতৃ ভগ্নীৰ হেঁপাহৰ উৎসৱ ৰাখী বন্ধন। দেশৰ প্ৰধানমন্ত্ৰীৰ পৰা সকলো শ্ৰেণীৰ লোকেই উদযাপন কৰা দেখা গৈছে এই উৎসৱ। কিন্তু এই সকলোবোৰৰ মাজতে ভাইৰেল হোৱা বিশেষ ছবিয়ে আকৰ্ষণ কৰিছে সকলোৰে দৃষ্টি।

যদি ছবিখন আপুনি ভালকৈ চাই, তেন্তে ছবিখন যে অলপ বেলেগ সেয়া স্পষ্ট হৈ পৰে। দৰাচলতে, এই ছবিখনত এগৰাকী ভগ্নীক এগৰাকী জোৱানৰ হাতত ৰাখি পিন্ধাই থকা দেখা গৈছে। কিন্তু তেওঁ যাৰ হাতত ৰাখী পিন্ধাইছে সেইটো হৈছে এটা মূৰ্তি। দেশ মাতৃৰ সেৱাত প্ৰাণ ত্যাগ কৰা শ্বহীদ ককায়েকৰ প্ৰতিমূৰ্তিটোৰ হাতত ৰাখী পিন্ধাইছে তেওঁৰ ভগ্নীয়ে।

স্বাভাৱিকতে, নেট ব‍্যৱহাৰকাৰী সকলে এনে এখ

ন হৃদয়স্পৰ্শী ছবি দেখি হতবাক হৈ পৰিছে। বেদান্ত বিৰলা নামৰ এজন ব‍্যক্তিয়ে লিংকডিনত ছবিখন শ্বেয়াৰ কৰিছিল। একে সময়তে, তেওঁ ছবিখনৰ বিষয়ে সকলো কথা বিৱৰি কৈছে। জনা যায় যে শ্বহীদ সৈনিকজনৰ নাম গণপত ৰাম কদৱাছৰা।

২০১৭ চনৰ ২৪ ছেপ্টেম্বৰত ৰাজস্থানৰ যোধপুৰৰ বাসিন্দা গণপত জম্মু-কাশ্মীৰত শ্বহীদ হৈছিল। জাট ৰেজিমেন্টৰ শ্বহীদ জোৱানজনৰ স্মৃতিতে এই প্ৰতিমূৰ্তিটো স্থাপন কৰা হৈছিল।

ইমানবোৰ স্মৃতি, হৃদয় বিহ্বল কৰা দুখ আৰু বহুতো মৰমৰ সৈতে, সেই মুহূৰ্তটোৱে নেট দুনীয়াত লাভ কৰিছে এক সুকীয়া স্থান। ফটোখন শ্বেয়াৰ হোৱাৰ পিছৰে পৰা ব‍্যাপক ৰূপে ভাইৰেল হৈ পৰিছে। ৰাখীৰ পবিত্ৰ দিনটোত এনে এক অভূতপূৰ্ব ছবিয়ে সকলোৰে মন ভৰাই তুলিছে।