ইউটিউবাৰ হ’ল কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰী, মাহিলি উপাৰ্জন ৪ লাখ টকা!

নিউজ ডেস্ক। ইউটিউবৰ জৰিয়তে বৰ্তমান বহুতেই কৰিবলৈ লৈছে উপাৰ্জন। কোটি পৰ্যন্ত ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বহুতো। বহুতো ইউটিউবাৰ হৈ পৰিছে জনপ্ৰিয়।

কিন্তু এইবাৰ ইউটিউবৰ পৰা ধন লাভ কৰিছে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে।

তেওঁ ইউটিউবত আপলোড কৰা ভিডিঅ’ৰ পৰা এতিয়া লাভ কৰে মাহে ৪ লাখকৈ টকা।

117677205-gettyimages-1220230394

তেওঁ কভিড সময়ছোৱাত উপাৰ্জনৰ বাবে যেন এই উৎস বিচাৰি পাইছিল। গাডকাৰীয়ে ইন্দোৰত কেইবাটাও পথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত এই বিষয়ে জানিবলৈ দিয়ে।

গাডকাৰীৰ মতে, খেল হিচাপে আৰম্ভ কৰা কামটোৱে এতিয়া তেওঁক প্ৰতি মাহে ৪ লাখ কৈ টকা দিয়ে।

গাডকাৰীয়ে সেই অনুষ্ঠানত কভিড লকডাউনৰ কাহিনী বৰ্ণনা কৰে।

তেওঁ কয়, “কভিডে মোক দুটা কথা শিকালে। যিটো মই শ্বেয়াৰ কৰিব বিচাৰো। মই ঘৰত ইউটিউবৰ পৰা চাই বহুতো বস্তু তৈয়াৰ কৰিবলৈ শিকিলো। আৰু আনটো হল ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে মই আমেৰিকা যুক্তৰাষ্ট্ৰ, নিউজিলেণ্ড, জাৰ্মানী আৰু বিশ্বৰ বিশ্ববিদ্যালয়সমূহত ভাষণ দিয়াৰ সুযোগ পাইছিলো। ইমান ঠাইত মই ভাষণ দিয়াৰ সুযোগ পাইছিলো। এইটো মই কেতিয়াও কল্পনা কৰা নাছিলো। এই ভিডিঅ’ সমূহ মই ইউটিউবত আপলোড কৰিছিলো। আৰু আজি মই ইউটিউবৰ পৰা মাহে ৪ লাখ টকা পাওঁ।”

1631848571-Nitin-Gadkari-781x441

অনুষ্ঠানত গাডকাৰীয়ে তেওঁৰ বিশেষ প্ৰকল্প ‘ভাৰত মালা’ৰ বিষয়েও কয়। তেওঁ কয় যে ‘ভাৰত মালা’ৰ অধীনত ১,৩৫০ কিলোমিটাৰ দীঘল দিল্লী-মুম্বাই এক্সপ্ৰেছৱে নিৰ্মাণ কৰা হৈছে। ২০২৩ চনৰ জানুৱাৰী মাহৰ ভিতৰত এক্সপ্ৰেছৱেত ৯০,০০০ কোটি টকা ব্যয় কৰা হ’ব। দিল্লী-মুম্বাই এক্সপ্ৰেছৱে দেশৰ ৫ খন ৰাজ্যৰ মাজেৰে পাৰ হ’ব। সেই সমূহ হল- দিল্লী, হাৰিয়ানা, ৰাজস্থান, গুজৰাট আৰু মহাৰাষ্ট্ৰ।

গাডকাৰীয়ে কয়, “আমি নিশ্চিত কৰিম যে দিল্লী আৰু অমৃতসৰৰ মাজৰ দূৰত্ব চাৰি ঘণ্টাত অতিক্ৰম কৰা হ’ব, দিল্লীৰ পৰা কাটৰাৰ দূৰত্ব ছয় ঘণ্টাৰ ভিতৰত হ’ব, দিল্লীৰ পৰা মুম্বাইলৈ দূৰত্ব ১২ ঘণ্টাৰ হ’ব। দিল্লী-মুম্বাই এক্সপ্ৰেছৱে দেশৰ আটাইতকৈ দীঘল এক্সপ্ৰেছৱে হ’ব।”

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইন্দোৰৰ উজ্জ্বল সন্মিলন কেন্দ্ৰত আধাৰিত এক অনুষ্ঠানত ভাষণ দি কয় যে, মুঠ ১৩৫৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৩৪ টা পথ প্ৰকল্প উৎসৰ্গা কৰা হৈছিল। যি সমূহ ৯,৫৭৭ কোটি টকা ব্যয়েৰে স্থাপন কৰা হৈছিল।

গাডকাৰীয়ে কয় যে তেওঁ তেওঁৰ কাৰ্যকালত মধ্য প্ৰদেশত ১.৫ লাখ কোটি টকাৰ প্ৰকল্প আৰম্ভ কৰিছে আৰু প্ৰতিশ্ৰুতি দিয়ে যে তেওঁ অহা মাহত পুনৰ মধ্য প্ৰদেশলৈ আহিব আৰু ১ লাখ কোটি টকাৰ নতুন প্ৰকল্প উপহাৰ দিব।

Leave a Comment