‘ইশ্বৰ’ৰ ৰূপত ২ ডিচেম্বৰত ছবি গৃহলৈ পুনৰ আহি আছে সদ্যপ্ৰয়াত অভিনেতা নিপন গোস্বামী…

নিউজ ডেস্কঃ ছবি প্ৰেমীৰ বাবে সুঃখবৰ। পুনৰ আহি আছে অভিনেতা নিপন গোস্বামী।

দশক দশক ধৰি অভিনয়ৰে মুগ্ধ কৰি ৰখা অসমীয়া চলচ্ছিত্ৰৰ বলিষ্ঠ অভিনেতাগৰাকীয়ে শেষ সময়ত অভিনয় কৰা এখন ছবি মুক্তি পাব ২ ডিচেম্বৰত।

ৰাজ্যৰ ছবিগৃহত অহা ২ ডিচেম্বৰ অৰ্থাৎ শুকুৰবাৰে মুক্তি পাবলগীয়া এই ছবিখন হৈছে ৰুবুল দাস পৰিচালিত আৰু দীনেশ দাস প্ৰযোজিত ‘ইশ্বৰ’।

এই ছবিখনৰ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে সদ্য প্ৰয়াত অভিনেতা নিপন গোস্বামীয়ে।

ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰুবুল দাস আৰু দৃষ্টি বৰ্মনে। ছবিখনত আছে অতুল পাচনি, চম্পক শৰ্মা, পংকজ বৰপূজাৰীৰ দৰে বলিষ্ঠ অভিনেতাও।

বৃহস্পতিবাৰে গুৱাহাটীৰ জ্যোতি চিত্ৰবনত প্ৰদৰ্শন কৰা হয় ‘ইশ্বৰ’ৰ প্ৰিমিয়াৰ শ্ব’। য’ত নাট্য আৰু ছবি জগতৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু কলা-কুশলীৰ লগতে বহু দৰ্শক উপস্থিত থাকে।

উল্লেখ্য যে, যোৱা ২৭ অক্টোবৰত অসমবাসীয়ে হেৰুৱাইছিল এটা উজ্বল নক্ষত্ৰ! অলেখ গুণমুগ্ধক কন্দুৱাই সেই দিনটোতে চিৰবিদায় লৈছিল অসমীয়া ছবিৰ মহীৰূহ নিপন গোস্বামীয়ে।