ঈদৰ উছাহত নিমিষতে নামি আহিল কলীয়া ডাৱৰ! পিতৃৰ সৈতে বজাৰ কৰিবলৈ গৈ মৃত্যু কিশোৰী ৱাহিদৰ

নিউজ ডেস্কঃ মৃত্যুৱে কাৰ বাবে কেতিয়া আৰু ক’ত ৰৈ থাকে কোনে জানে!

ঈদৰ উলহ মালহ সমগ্ৰ ৰাজ্যজুৰি।

ইছলাম ধৰ্মাৱলম্বীৰ পবিত্ৰ দিনটোক উছাহৰ যেন অন্তই নপৰিব। কিন্তু তাৰ মাজতে মৃত্যুৱে আজুৰি লৈ গ’ল এগৰাকী ১৪ বছৰীয়া কিশোৰীক।

ঈদৰ পূৰ্বে পিতৃৰ সৈতে বজাৰ কৰিবলৈ গৈ ঘৰলৈ উভতি নাহিল জেৰিফা ৱাহিদ নামৰ মেধাৱী ছাত্ৰীগৰাকী।

এখন তীব্ৰবেগী ডাম্পাৰে নিমিষতে কাঢ়ি লৈ গ’ল জেৰিফাৰ মুখৰ হাঁহিটো।

এই শোকাবহ ঘটনাই এতিয়া বাকৰুদ্ধ কৰিছে পৰিয়ালটোকো। লগতে শোকৰ বন্যা নামিছে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত।

জানিব পৰা মতে, ঈদৰ আগদিনা অৰ্থাৎ শনিবাৰে দিনৰ প্ৰায় ১১ বজাত পিতৃৰ সৈতে বাইকত উঠি বজাৰ কৰিবলৈ গৈছিল জেৰিফা ৱাহিদ নামৰ শিলবৰী শংকৰদেৱ জাতীয় বিদ্যালয়ৰ ছাত্ৰীগৰাকীয়ে।

দুই পিতা-পুত্ৰীয়ে পালছাৰ বাইকেৰে ১৫নং ৰাষ্ট্ৰীয় ঘাই পথেৰে গৈ থকা সময়তে ননকে গাঁৱৰ সমীপত এখন তীব্ৰবেগী ডাম্পাৰে খুন্দা মাৰে তেওঁলোকৰ বাইকখনত। যাৰ ফলত গুৰুতৰভাৱে আহত হয় দৰং জিলাৰ দলগাঁৱৰ ২নং বাহাজান গাঁৱৰ চফিউল্লা (৫০) আৰু তেওঁৰ কন্যা জেৰিফা ৱাহিদ (১৪)।

আহত দুয়োকে লগে লগে হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসালয় পোৱাৰ পূৰ্বেই মৃত্যুক সাৱটি লয় জেৰিফাই। আনহাতে পিতৃ চফিউল্লা বৰ্তমানো সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।

ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই ডাম্পাৰ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও আৰক্ষীয়ে এএছ-০১ এমচি-৭৬৭০ নম্বৰৰ ডাম্পাৰখন জব্দ কৰি অনুসন্ধান অব্যাহত ৰাখিছে।

ঈদৰ উছাহৰ মাজতে সংঘটিত এই পথ দুৰ্ঘটনাই শোকৰ ছা পেলাইছে সমগ্ৰ অঞ্চলটোত।

লগতে ঈদৰ বজাৰ কৰিবলৈ গৈ মৃত্যুক সাৱটি লোৱা জেৰিফাক হেৰুওৱাৰ বিষাদত ভাগি পৰিছে পৰিয়ালটোও।