ঈদ উপলক্ষে সীমান্তত ভাৰত-পাকিস্তানৰ সেনাৰ মিঠাই আদান-প্ৰদান

নিউজ ডেস্ক। বুধবাৰে বিশ্বজুৰি উদযাপিত হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ উৎসৱ ঈদ।

পূৰ্বৰ দৰেই এই বেলিও পৱিত্ৰ ঈদ উপলক্ষে ভাৰত-পাকিস্তানৰ মাজত হয় মিঠাই বিনিময়।

চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ সৈতে মিঠাই বিনিময় কৰে ভাৰত-পাকিস্তান সেনাই। ঈদৰ শুভেচ্ছা জনায় ভাৰতীয় সেনাই নিয়ন্ত্ৰণ ৰেখাত পাকিস্তান সেনাক প্ৰদান কৰে মিঠাই।

ভাৰত-পাকিস্তান সেনাই জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ পুঞ্চ-ৰাৱালাকট ক্ৰচিং পইন্ট আৰু মেন্ধৰ-হটস্প্রিং ক্ৰচিং পইন্টত মিঠাই আদান-প্ৰদান কৰি পৰস্পৰে পৰস্পৰক ঈদৰ শুভেচ্ছা জনায়।

দুয়োখন দেশৰ মাজত যুদ্ধ বিৰতি নীতিক উন্নত কৰিবৰ বাবেই এই অনুষ্ঠান পালন কৰা হয় বুলি জানিব পৰা গৈছে। যাক কোৱা হৈছে ‘মিঠাই কূটনীতি’ বুলি।

ভাৰতীয় সেনাই এক বিজ্ঞপ্তি প্ৰকাশ কৰি কয় যে, “ভাৰতীয় সেনাই পাকিস্তানী সেনাৰ প্ৰতিনিধিক শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তাৰে শুভেচ্ছা জনায়। এই পদক্ষেপক দুয়ো দেশৰ সেনা-বাহিনীয়ে প্ৰশংসা কৰে আৰু ইয়াৰ দ্বাৰা আশা কৰা হৈছে যে ই দুয়োখন দেশৰ মাজত শুভ ইচ্ছা আৰু পাৰস্পৰিক বিশ্বাস বৃদ্ধি কৰিব।”

উল্লেখ্য যে জম্মুৰ হিৰানগৰ, চাম্বা, ৰামগড়, আৰ এছ পুৰা, আৰ্ণীয়া, পৰ্গৱাল চেক্টৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তটো বিএছএফ আৰু পাকিস্তান ৰেঞ্জাৰ্চৰ মাজত মিঠাই আদান-প্ৰদান হয়।

পুলৱামা আক্ৰমণ ঘটনাৰ পিছত দুয়োখন দেশৰ মাজত এইয়া হৈছে প্ৰথম মিঠাই আদান-প্ৰদান কাৰ্যসূচী।

ইপিনে, সীমান্ত সুৰক্ষা বাহিনী (BSF) ৰ জােৱানসকলেও ভাৰত-বাংলাদেশ সীমান্তত বাংলাদেশৰ সীমান্তৰক্ষীৰ সৈতে ঈদ উপলক্ষে মিঠাইৰ আদান প্ৰদান কৰে।

Leave a Comment