হনী ঝাঁঝৰী। অৱশেষত শ্বহীদ স্বামীৰ চিতাক সাক্ষী কৰি লােৱা শপত পূৰণ কৰিলে পত্নীয়ে।
স্বামীৰ পদাংক অনুসৰণ কৰিয়েই ভাৰতীয় সেনাত যােগদান কৰিলে শ্বহীদৰ পত্নীয়ে।
এক আৱেগপূৰ্ণ মুহূৰ্তত ভাৰতীয় সেনাৰ লেফটেনেন্ট হিচাপে দায়িত্ব ল’লে পত্নীয়ে।

সেনাৰ পােছাক পৰিহিত দুই সন্তানৰ সৈতে জ্যােতি
এই খবৰে এতিয়া আৱেগবিহ্বল কৰি তুলিছে সকলোকে।
উল্লেখ্য যে ২੦১৮ চনত ভাৰতীয় সেনা জােৱান নায়ক দীপক নয়নৱাল জম্মু-কাশ্মীৰত উগ্ৰপন্থীৰ বিৰুদ্ধে যুঁজ দি দেশৰ বাবে সৰ্বােচ্চ ত্যাগ কৰিছিল।

প্ৰশিক্ষণৰত অৱস্থাত জ্যােতি নয়নৱাল
জম্মু-কাশ্মীৰত উগ্ৰপন্থী বিৰােধী অভিযানত ১১ এপ্ৰিলত গুলীবিদ্ধ হৈ চিকিৎসাধীন অৱস্থাত ২੦ মে’ ২੦১৮ তাৰিখে নতুন দিল্লীৰ হাস্পতালত শেষ নিস্বাস ত্যাগ কৰিছিল দীপক নয়নৱালে।
Newly commissioned Indian Army Officer at OTA, Chennai, Veer Nari, Jyoti Nainwal, mother of 2 children is the wife of Naik Deepak Nainwal, who died after being shot while serving our nation in Indian Army operations in J&K in 2018.@SpokespersonMoD @Def_PRO_Chennai @PIB_India pic.twitter.com/TcaTgsCv3q
— PIB in Tamil Nadu 🇮🇳 (@pibchennai) November 20, 2021
শ্বহীদ দীপক নয়নৱালে পত্নী জ্যােতিৰ উপৰি দুই পুত্ৰ-কন্যা সন্তানক ইহ সংসাৰত এৰি থৈ গৈছিল।
স্বামীৰ অকাল বিয়ােগত শােকস্তব্ধ পত্নী জ্যােতিয়ে কিন্তু নিজেও স্বামীৰ পদাংক অনুসৰণ কৰি ভাৰতীয় সেনাত যােগদান কৰাৰ সংকল্প লৈছিল।

শ্বহীদ দীপক নয়নৱাল
শ্বহীদ স্বামীৰ চিতাক সাক্ষী কৰি লােৱা সেই সংকল্প ৩ বছৰ পিছত পূৰণ কৰিলে পত্নী জ্যােতিয়ে।
শনিবাৰে ১১ মাহৰ কঠিন প্ৰশিক্ষণৰ অন্তত ভাৰতীয় সেনাত লেফটেনেন্ট হিচাপে যােগদান কৰে জ্যােতি নয়নৱালে।

এই মুহূৰ্তত জ্যােতিৰ দুই সন্তানাে সেনাৰ পােছাক পৰিধান কৰি পাছিং আউট পেৰেডত অংশগ্ৰহণ কৰে।
জ্যােতি এনে বিৰল সাফল্যৰ কাহিনী এতিয়া সামাজিক মাধ্যমতাে ব্যাপকভাৱে চৰ্চা লাভ কৰিছে।
Excl: 11yr old Lavanya Nainwal (d/o late maj Deepak Nainwal) sings @adgpi regimental quick march song “Kadham kadham badhaye jaa” with the army officers as her mother, Jyoti ,gets commissioned into Indian army, at OTA Chennai #IndianArmy @Rajeev_GoI @DefenceMinIndia @PMOIndia pic.twitter.com/xuQNznQdmU
— Sidharth.M.P (@sdhrthmp) November 20, 2021
উল্লেখ্য যে শ্বহীদ দীপক নয়নৱালৰ জ্যেষ্ঠ কন্যাই ভাৰতীয় সেনাত চিকিৎসক হিচাপে যােগদান কৰিব বুলি প্ৰকাশ কৰিছে।