উত্তৰ প্ৰদেশৰ গজিয়াবাদত শ্মশানৰ ছাদ খহি মৃত ২৪, ঠিকাদাৰক গ্ৰেপ্তাৰ

নেশ্যনেল ডেস্ক। উত্তৰ প্ৰদেশৰ গাজিয়াবাদ জিলাত মুৰাদনগৰ এলেকাত থকা এখন শ্মশানত দেওবাৰে সংঘটিত হয় এটা শোকাৱহ ঘটনা।

শ্মশান ঘাটৰ গেলাৰীৰ এখন ছাদ অকস্মাতে খহি কেইবাজনো লোকৰ ওপৰতে পৰে।

ইয়াৰ ফলত এই বাতৰি লিখা পৰলৈকে ২৪ জন লোকৰ মৃত্যু হৈছে আৰু আন কেইবাজনো লোক আহত হয়।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ধাৰাষাৰ বৰষুণৰ বাবেই ছাদখন খহি পৰে।

সেই সময়ত ছাদৰ তলত ৫০ জনৰো অধিক লোকে আশ্ৰয় লৈ আছিল।

ছাদখন খহি তেওঁলোকৰ ওপৰতে পৰাত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়।

উল্লেখ্য, এই লোকসকলে মুৰাদনগৰৰ এজন ফল বিক্ৰেতাৰ মৃতদেহ সৎকাৰৰ বাবে তালৈ আহিছিল।

সৎকাৰত প্ৰায় এশ লোক উপস্থিত আছিল।

কিন্তু বৰষুণ দিয়াত তেওঁলোকে শ্মশান ঘাটৰ গেলাৰীত আশ্ৰয় লৈছিল।

৩৮জন লোকক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে আৰু মৃত লোকসকলৰ পৰিয়াললৈ দুই লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে।

ইপিনে, আৰক্ষীয়ে এই সংক্ৰান্তত ঠিকাদাৰ অজয় ত্যাগীক গ্ৰেপ্তাৰ কৰিছে।

Leave a Comment