উদ্বেগজনক! ৰাজ্যত এদিনতে ক’ভিডত প্ৰাণ হেৰুৱালে ৪১ জন লােকে, নতুনকৈ আক্ৰান্ত ৪,৪৭৫ জন

নিউজ ডেস্ক। এক উদ্বেগজনক খবৰ! ৰাজ্যত সংহাৰী ৰূপ লৈছে মাৰাত্মক ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণে।

মংগলবাৰে দিনৰ ভাগত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত ৰাজ্যৰ ক’ভিড পৰিস্থিতি উদ্বেগজনক বুলি মন্তব্য কৰাৰ পাছতে সন্ধিয়া টুইটাৰত প্ৰকাশ কৰে আন এক বেয়া খবৰ।

বিগত ২৪ ঘন্টাত ৰাজ্যজুৰি ক’ভিডৰ সংক্ৰমণত সৰ্বাধিক ৪১ জন লােকে প্ৰাণ হেৰুওৱা বুলি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।

টুইটাৰত মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, দিনটােত নতুনকৈ ৪,৪৭৫ জন লােক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে। ইয়াৰে ১,৪১৭ জন কেৱল গুৱাহাটী মেট্ৰ’ জিলাৰ।

উল্লেখ্য যে দিনটােত ৫৫,੦੦৪ টা ক’ভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল।

আনহাতে, সংক্ৰমণৰ হাৰ সৰ্বাধিক ৮.১৪ শতাংশলৈ বৃদ্ধি পাইছে। লগতে হ্ৰাস পাইছে সুস্থ হৈ উঠা লােকৰ হাৰ। ৰাজ্যত বৰ্তমানে সক্ৰিয় ক’ভিড ৰােগীৰ সংখ্যা ৩੦ হাজাৰ অতিক্ৰম কৰিছে।

উল্লেখ্য যে সােমবাৰে ৰাজ্যজুৰি ক’ভিডৰ সংক্ৰমণৰ হাৰ ৮.੦২ শতাংশ আছিল। লগতে দিনটােত ২৯ জন লােকে এই ভাইৰাছৰ সংক্ৰমণত প্ৰাণ হেৰুৱাইছিল।

লগতে চাওকঃ

ক’ভিড যােদ্ধা! পিতৃৰ ক’ভিডত মৃত্যু, মাতৃ-ভ্রাতৃ হাস্পতালত, তথাপিও তেওঁ পালন কৰিছে নিজ কৰ্তব্য

Leave a Comment