উদ্বোধন কৰা হ’ল ৰাজ্যিক বিজেপিৰ প্ৰাসাদোপম কাৰ্যালয়! চৰণ ধুৱাই জ্যেষ্ঠজনৰ আশীষ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

নিউজ ডেস্কঃ উদ্বোধন কৰা হ’ল ৰাজ প্ৰাসাদোপম ৰাজ্যিক বিজেপিৰ নৱ নিৰ্মিত কাৰ্যালয়।

মহানগৰীৰ বশিষ্ঠত কেইবা কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা ৰাজ্যিক বিজেপিৰ সুবিশাল কাৰ্যালয়টো শনিবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডাই।

বাজপেয়ী ভৱন নামেৰে নামকৰণ কৰা এই ব্যয়বহুল কাৰ্যালয়টোৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি দলৰ কেইবাগৰাকীও শীৰ্ষ পৰ্যায়ৰ বিষয়ববীয়া।

ইফালে কাৰ্যালয়টো উদ্বোধন কৰাৰ পূৰ্বে জ্যেষ্ঠজনক সাদৰ-সম্ভাষণ জনোৱাৰ লগতে চৰণ ধুৱাই আশীষ লয় মু্খ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ৰ পিছতে বিয়লি এক বজাত খানাপাৰা খেল পথাৰত অনুষ্ঠিত হ’ব এক বিশাল জনসমাৱেশ।

প্ৰায় ৬ হেজাৰ লোকৰ উপস্থিতিত সভাত বহু গুৰুত্বপূৰ্ণ বিষয়ত জনতাক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব অমিত শ্বাহে।