উপায়ুক্ত কাৰ্যালয়ত ভিজিলেঞ্চৰ অভিযান, ঘােচ লৈ গ্ৰেপ্তাৰ কৰ্মচাৰী

উপায়ুক্ত কাৰ্যালয়ত ভিজিলেঞ্চৰ অভিযান, ঘােচ লৈ গ্ৰেপ্তাৰ কৰ্মচাৰী

August 24, 2022 Off By NEWS DESK

নিউজ ডেস্ক। চৰকাৰী কাৰ্যালয়ত পুনৰ চলিল সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক অভিযান।

এইবাৰ স্থান বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়।

উপায়ুক্ত কাৰ্যালয়ৰ চৌহত থকা জিলা উপ পঞ্জীয়ক কাৰ্যালয়ৰ কৰ্মচাৰী তপন সাহাক এগৰাকী লােকৰ পৰা ভূমি পঞ্জীয়নৰ কামৰ বাবদ ঘোচ লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে ভিজিলেঞ্চৰ অভিযানকাৰী দলে।

জানিব পৰা মতে, এজন লােকৰ পৰা ভূমি পঞ্জীয়নৰ কামৰ বাবদ ৭ হাজাৰ টকাৰ উৎকােচ লৈছিল কৰ্মচাৰীজনে।

সম্প্ৰতি কাৰ্যালয়তে কৰ্মচাৰীজনক জেৰা অব্যাহত ৰাখিছে ভিজিলেঞ্চৰ অভিযানকাৰী দলটােৱে।