
উৎকট গৰম! পৰিত্ৰাণ বিচাৰি ভাৰত-ভূটান সীমান্তৱৰ্তী এই অঞ্চললৈ ঢাপলি মেলিছে অগণন লােকে…
July 18, 2022নিউজ ডেস্ক। উৎকট গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি বিভিন্ন স্থানলৈ ঢাপলি মেলিছে বহু লােকে।
এনে পৰিপ্ৰেক্ষিত গুৱাহাটী মহানগৰীৰ অসম-মেঘালয় সীমান্তৱৰ্তী মনােৰম প্ৰাকৃতিক ঠাইসমূহৰ লগতে সমীপৱৰ্তী ঠাইসমূলৈও বৈছে পৰ্যটকৰ সােঁত।
শেহতীয়াকৈ ভাৰত-ভূটান সীমান্তৱৰ্তী বাগ্ছা জিলাৰ দাৰাগাঁৱলৈও বৃদ্ধি পাইছে প্ৰকৃতিৰ সান্নিধ্যত কিছুক্ষণ অতিবাহিত কৰিৈ খােজা লােকৰ সংখ্যা।

উল্লেখ্য যে বাগ্ছা জিলাৰ বৰমাত থকা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উত্তৰে মুছলপুৰ-নিকাচি হৈ প্ৰায় ২৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত ভাৰত-ভূটান সীমান্তৰ এই দাৰাগাঁও অঞ্চল ৷
ইয়াত উপস্থিত হৈ ভূটানৰ পৰা নামি অহা নৈৰ নিৰ্মল, শীতল পানীত গা ধুই দেহ-মন শাঁত পেলাইছে পৰ্যটকে।
গৰমৰ তীব্ৰতা বৃদ্ধিৰ সমানে দাৰাগাঁৱলৈ বৃদ্ধি পাইছে পৰ্যটকৰ সংখ্যা।

ব্যস্ত মহানগৰৰ কোলাহল, প্ৰদূষণৰ মাজত থাকি অভ্যস্ত হৈ থকা লোকসকলে কিছু সময়ৰ বাবে মুক্ত অৰণ্যৰ মাজত মিলিন হোৱাৰ এক প্ৰয়াস কৰিছে।
প্ৰকৃতিৰ এনে মনোমোহা ৰূপ দেখি অভিভূত হৈ পুনৰ অহাৰ সংকল্প লৈছে একাংশই।

উল্লেখ্য যে বছৰটোৰ অধিকাংশ সময়তে দাৰাগাঁও পৰ্যটকেৰে ভৰি থাকে।
এই মনােৰম পৰ্যটন স্থলৰ আন্তঃগাঁথনি উন্নয়নৰ লগতে পৰ্যটকৰ বাবে প্ৰয়ােজনীয় সা-সুবিধা উপলব্ধ হ’লে স্থানীয় লােকৰ আৰ্থ-সামাজিক উন্নয়ন ত্বৰান্বিত হ’ব বুলি আশা কৰিছে স্থানীয় সচেতন লােকে।
[…] উৎকট গৰম! পৰিত্ৰাণ বিচাৰি ভাৰত-ভূটান স… […]