উৎকােচ প্ৰত্যাখ্যান কৰি কােটি টকাৰ চোৰাং সোণ জব্দ কৰা দুই আৰক্ষীৰ সম্বৰ্দ্ধনা ডিজিপিৰ

নিউজ ডেস্ক। চােৰাং সামগ্ৰী সৰবৰাহকাৰীৰ মােটা অংকৰ ধনৰ প্ৰলােভন নেওচি গৃহৰক্ষীৰ পৰা কনিষ্টবল পদত নিযুক্ত হৈছিল বৰছিং বে’।

আনকি বৰছিং বে’ক নিযুক্তি দিবলৈ মুখ্যমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হৈছিল বিশেষ অনুষ্ঠান।

এই অনুষ্ঠানৰ জৰিয়তে অসম আৰক্ষীৰ সকলাে বিষয়া-জােৱানক সৎ পথেৰে আগবাঢ়ি গৈ ৰাইজৰ সেৱা কৰিবলৈ আহ্বান জনাইছিল মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰীৰ এনে পৰামৰ্শ শিৰােধাৰ্য কৰি পুনৰ পুৰস্কৃত হ’ল অসম আৰক্ষী দুজন বিষয়া-জােৱান।

উল্লেখ্য যে চোৰাং সোণ সৰবৰাহকাৰীৰ প্ৰলোভনক অগ্ৰাহ্য কৰি কামৰূপ জিলাৰ দদৰাত এখন চাৰিচকীয়া বাহনৰ পৰা প্ৰায় এক কোটি টকা মূল্যৰ সোণৰ বিস্কুট জব্দ কৰিছিল দদৰা আৰক্ষী চকীৰ সহকাৰী উপ-পৰিদৰ্শক কুমুদ চন্দ্ৰ তালুকদাৰ আৰু কনিষ্টবল তানুক চন্দ্ৰ দাসে।

এই কথা প্ৰকাশ পােৱাৰ পাছতে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই দুয়ােজনকে সম্বৰ্ধনা জনাই একোখনকৈ প্ৰশংসাপত্ৰ প্ৰদান কৰাৰ লগতে নগদ ধনেৰে পুৰস্কৃত কৰে।

আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে দুয়োগৰাকী আৰক্ষীৰ দায়বদ্ধতা, কৰ্তব্যনিষ্ঠা আৰু সততাৰ শলাগ লৈ ভৱিষ্যতেও তেওঁলোকে এনেধৰণৰ কৰ্তব্যত সেৱা আগবঢ়াই যাব বুলি আশা প্ৰকাশ কৰে।

Leave a Comment