উৎকােচ লৈ ভিজিলেন্সৰ হাতত গ্ৰেপ্তাৰ যােৰহাটৰ লাট মণ্ডল আব্দুল বাকি শ্বেখ

নিউজ ডেস্ক। পুনৰ সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত গ্ৰেপ্তাৰ হ’ল ঘােচখােৰ চৰকাৰী কৰ্মচাৰী।

যােৰহাট ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত পুৱাই চলিল ভিজিলেন্সৰ অভিযান।

মাটি সংক্ৰান্তীয় কামৰ বিনিময়ত এজন লােকৰ পৰা উৎকোচ লৈ হাতে-লােটে ধৰা পৰিল যােৰহাট ৰাজহ চক্ৰ কাৰ্যালয়ত কৰ্মৰত লাট মণ্ডল মােঃ আব্দুল বাকি শ্বেখ।

জানব পৰা মতে, মাটি সংক্ৰান্তীয় কামৰ বাবদ এজন ভুক্তভােগীৰ পৰা ধন বিচাৰিছিল লাট মণ্ডল আব্দুল বাকি শ্বেখে।

ইয়াৰ পিছত উপায়হীন লোকজনে দুৰ্নীতি নিবাৰক শাখাত অভিযােগ দাখিল কৰে।

এই অভিযােগ লাভ কৰাৰ পিছতে লাটমণ্ডল জনক হাতে-লােটে ধৰিবলৈ জাল পেলায় ভিজিলেন্সে।

সেই অনুসৰিয়েই পুৱাই লাট মণ্ডলজনক লগ কৰি উৎকােচৰ ধন দিয়ে ভুক্তভােগী লােকজনে আৰু লগে লগে অভিযান চলায় পূৰ্বৰে পৰা খাপ পিটি থকা ভিজিলেন্সৰ দলে।

ইতিমধ্যে ধৃত আব্দুল বাকি শ্বেখক জেৰা চলাই দুৰ্নীতি সংক্ৰান্তীয় বহু তথ্য লাভ কৰিছে অভিযানকাৰী দলে।

এই সংক্ৰান্তত টুইট কৰি এই অভিযানৰ কথা প্ৰকাশ কৰে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে।