উৎকোচ কাণ্ড! এইবাৰ আৰক্ষীৰ জালত ঘোচখোৰ লাট মণ্ডল ৰঞ্জন গোস্বামী…

উৎকোচ কাণ্ড! এইবাৰ আৰক্ষীৰ জালত ঘোচখোৰ লাট মণ্ডল ৰঞ্জন গোস্বামী…

August 26, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ শুকুৰবাৰে উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল দ্বিতীয়জন চৰকাৰী কৰ্মচাৰী। ধুবুৰীৰ পিছত এইবাৰ কৰিমগঞ্জৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিলে ঘোচখোৰ চৰকাৰী কৰ্মচাৰীক।

মাটিৰ মিউটেছনৰ বাবে দাবী কৰা ধন লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে ঘোচখোৰ লাট মণ্ডল। হাতে-লোটে কৰায়ত্ব কৰা লাট মণ্ডল জনৰ পৰিচয় ৰঞ্জন গোস্বামী বুলি জানিব পৰা গৈছে।

অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে টুইটযোগে জানিবলৈ দিয়া মতে, উৎকোচ লোৱাৰ সময়তে হাটে-লোটে কৰায়ত্ত কৰা হয় কৰিমগঞ্জ ৰাজহ চক্ৰ বিষয়াৰ লাট মণ্ডল ৰঞ্জন গোস্বামীক।

উল্লেখ্য যে, শুকুৰবাৰে ধুবুৰী সৰ্বশিক্ষা অভিযান মিছনৰ শিক্ষা বিষয়া আজহাৰুল ইছলামক উৎকোচ গ্ৰহণৰ সময়তে হাতে-লোটে ধৰা পেলাইছিল দুৰ্নীতি নিবাৰক শাখাই।