উৰণৰ পাছতে সৰি পৰিল এয়াৰ এম্বুলেন্সৰ চকা, চকা অবিহনেই জৰুৰী অৱতৰণ

উৰণৰ পাছতে সৰি পৰিল এয়াৰ এম্বুলেন্সৰ চকা, চকা অবিহনেই জৰুৰী অৱতৰণ

May 6, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক নিশ্চিত বিপদৰ পৰা কথমপি ৰক্ষা পৰিল ৫ জনকৈ লােকৰ। এখন এয়াৰ এম্বুলেন্সে বিমানবন্দৰৰ পৰা উৰণৰ পাছতে চকা খুলি তললৈ সৰি পৰাৰ পাছতে সৃষ্টি হয় এক জৰুৰীকালীন পৰিস্থিতিৰ।

জানিব পৰা মতে, মহাৰাষ্ট্ৰৰ নাগপুৰৰ পৰা হায়দৰাবাদলৈ ৰােগী কঢ়িয়াইছিল এখন এয়াৰ এম্বুলেন্সে।

জেটচাৰ্চ এভিয়েচনৰ চি-৯੦ বিমানখনে বৃহস্পতিবাৰে বিয়লি নাগপুৰ বিমানবন্দৰৰ ৩২ নং ৰানৱে’ৰ পৰা উৰা মৰাৰ পাছতে বিমানখনৰ চকা খুলি তললৈ সৰি পৰে।

এই কথা পােহৰলৈ অহাৰ পাছতে এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি হয় নাগপুৰ বিমানবন্দৰত।

তাৰ পাছতে এই বিমানখনক মুম্বাই এয়াৰপ’ৰ্টত জৰুৰী অৱতৰণৰ বাবে ‘ইমাৰজেঞ্চী’ ঘােষণা কৰা হয়। ইয়াৰ পাছতে মুম্বাই বিমানবন্দৰত সকলাে উদ্ধাৰকাৰী বাহিনীক সক্ৰিয় কৰি তােলা হয়।

বিমানখনৰ পায়লটে অতি সুৰক্ষিতভাৱে চকা অবিহনেই বিমানখনে নিশা মুম্বাই বিমানবন্দৰত অৱতৰণ কৰে।

বিমানখনৰ অৱতৰণৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ দলে সম্ভাব্য জুই নিৰ্বাপনৰ বাবে বিমানখনত পানী আৰু ৰাসায়নিক পদাৰ্থ ছটিয়াই সকলাে যাত্ৰীকে নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।