ঋণ দিয়াৰ প্ৰলোভন দি সৰকাইছিল লাখ লাখ টকা, অৱশেষত ৰাইজে আঁঠু কঢ়াই থলে ভুৱা বেংক বিষয়াক

নিউজ ডেস্কঃ বেংকৰ ঋণ দিম বুলি লাখ টকা সৰকাই অৱশেষত ৰাইজৰ হাতত কৰায়ত্ব হ’ল এজন ভুৱা বেংক বিষয়া। ২০ লাখ টকা ঋণ দিয়াৰ প্ৰতিশ্ৰুতিৰে এজন ব্যৱসায়ীৰ পৰা ৬ লাখ টকা সৰকোৱা ভুৱা বেংক বিষয়াজনক কৰায়ত্ব কৰি কাণত ধৰাই আঁঠু কঢ়াই থলে ৰাইজে।

এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে গহপুৰ থানাৰ অন্তৰ্গত বালিজান চাৰিখেলিয়াত। জানিব পৰা মতে, নিজকে ইউক’ বেংকৰ জিনজিয়া শাখাৰ বেংক বিষয়া বুলি পৰিচয় দি এগৰাকী ব্যৱসায়ীৰ পৰা ৬ লাখ টকা সংগ্ৰহ কৰিছিল গহপুৰ নগৰৰ কলেজগুৰিৰ গৌতম কাকতি (৩৫) আৰু ঘাঁহিগাঁৱৰ শোণিত জ্যোতি শৰ্মা (৩৮) নামৰ লোক দুজনে।

অভিযোগ অনুসৰি, বালিজান চাৰিখেলিয়াৰ জয়ন্ত বৰুৱা নামৰ এখন আলট্ৰা বাছৰ গৰাকীক ২০ লাখ টকাৰ বেংকৰ ঋণ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল গৌতম কাকতি আৰু শোণিত জ্যোতি শৰ্মাই। চলিত বৰ্ষৰ জানুৱাৰী-ফেব্ৰুৱাৰী মাহতে দুয়োপক্ষৰ মাজত এই ঋণক লৈ আলোচনা চলিছিল।

তাৰ পিছতে বেংকৰ যাৱতীয় খৰছৰ নামত ব্যৱসায়ী জয়ন্ত বৰুৱাৰ পৰা কিস্তি কিস্তিকৈ ৬ লাখ টকা সৰকায় এই দুই ভুৱা বেংক বিষয়াই। আৰ্থিক মন্দাৱস্থাৰ সন্মুখীন হোৱা জয়ন্ত বৰুৱাইও ঋণ লাভৰ আশাত তেওঁৰ আলট্ৰা বাছখন লীজত দিয়াৰ লগতে পত্নীৰ সোণৰ গহনা বিক্ৰী কৰি প্ৰদান কৰে সেই ধন।

কিন্তু মাহ মাহ ধৰি দুয়োজন ভুৱা বেংক বিষয়াই আজি হব, কাইলৈ হব বুলি প্ৰৱঞ্চনা কৰি অহাত অৱশেষত দুয়োৰে ওপৰত সন্দেহ ওপজে স্থানীয় ৰাইজৰ। যাৰ বাবে জয়ন্ত বৰুৱাৰ পৰা পুনৰ ৫ হাজাৰ টকা নিবলৈ অহাৰ সময়তে ৰাইজে কৰায়ত্ব কৰে প্ৰৱঞ্চক শোণিত জ্যোতি শৰ্মাক। তাৰ পিছতে ৰাইজে লপাথপা দি আঁঠু কঢ়াই থয় ভুৱা বেংক বিষয়াজনক।

উল্লেখ্য যে, নির্মলা চাহ বাগিচাৰ অৱসৰপ্ৰাপ্ত হেড ক্লার্ক ভোলা শৰ্মাৰ পুত্র শোণিত জ্যোতি শৰ্মাই ঘাঁহিগাঁও অঞ্চলৰ বহু লোকক লাখ লাখ টকাৰ ঋণ পৰিশোধ কৰিবলৈ আছে বুলি জানিব পৰা গৈছে। যাৰ বাবেও তেওঁ আত্মগোপন কৰিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছিল।