ঋণ ৰেহাইৰ নামত ১ টকাৰ চেক পালে মহিলাই, চেক সংগ্ৰহ কৰিবলৈ খৰচ ১ হাজাৰ টকা

ঋণ ৰেহাইৰ নামত ১ টকাৰ চেক পালে মহিলাই, চেক সংগ্ৰহ কৰিবলৈ খৰচ ১ হাজাৰ টকা

November 6, 2022 Off By NEWS DESK

নিউজ ডেস্ক। অসম চৰকাৰে মাইক্ৰ’ফাইনেন্সৰ ঋণৰ পৰা মহিলাসকলক ঋণমুক্ত কৰিবলৈ গ্ৰহণ কৰা অভিলাষী আঁচনিৰ পৰা লাভান্বিত হৈছে ৰাজ্যৰ হেজাৰ হেজাৰ মহিলা।

তাৰ মাজতে বঙাইগাঁৱত এগৰাকী মহিলাৰ সৈতে সংঘটিত হ’ল এক আজব ঘটনা।

ঋণ ৰেহাইৰ চেক সংগ্ৰহ কৰিবলৈ গাড়ী ভাৰা আৰু পঞ্জীয়নৰ নামত প্ৰায় ১ হাজাৰ টকা খৰচ কৰি গান্ধী ময়দানত উপস্থিত হােৱা মহিলাগৰাকীয়ে লাভ কৰে মাত্ৰ ১ টকাৰ ঋণ ৰেহাইৰ চেক।

এই চেক লাভ কৰি চকু কপালত উঠে বঙাইগাঁৱৰ বৰপথাৰ গাঁৱৰ তাজমিনা খাতুন নামৰ মহিলাগৰাকীৰ।

সংশ্লিষ্ট কৰ্তৃপক্ষৰ এনে আজব কাণ্ডত ক্ষুব্ধ হৈ পৰা মহিলাগৰাকীয়ে চেক ল’বলৈ অস্বীকাৰ কৰাৰ লগতে পঞ্জীয়নৰ নামত জমা দিয়া ৬৫੦ টকাও ওভতাই বিচাৰে।

মহিলাগৰাকীয়ে এনে বঞ্চনাক লৈ সংবাদ মাধ্যমৰ আগত ক্ষােভ প্ৰকাশ কৰে।

লগতে সংশ্লিষ্ট কৰ্তৃপক্ষক চেকখন ঘূৰাই দি হতাশ মনেৰে ঘৰলৈ ওভতি যায় তাজমিনা খাতুন নামৰ এই ভুক্তভােগী মহিলাগৰাকী।