এইখন অসমৰে আজৱ ঘটনা! গৰ্ভস্থ সন্তানৰ আকাৰ সৰু থকাৰ বাবেই অস্ত্ৰোপচাৰৰ পিছত পুনৰ প্ৰসূতিৰ পেটৰ ভিতৰত ভৰাই থলে চিকিৎসকে

এইখন অসমৰে আজৱ ঘটনা! গৰ্ভস্থ সন্তানৰ আকাৰ সৰু থকাৰ বাবেই অস্ত্ৰোপচাৰৰ পিছত পুনৰ প্ৰসূতিৰ পেটৰ ভিতৰত ভৰাই থলে চিকিৎসকে

September 1, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ গৰ্ভত থকা সন্তানৰ আকাৰ সৰু হোৱাৰ বাবেই পেট কাটি বাহিৰলৈ উলিয়াই অনাৰ পিছত পুনৰ আকৌ পেটৰ ভিতৰত ভৰাই থলে চিকিৎসকে।

এনে এক আশ্বৰ্যকৰ কাণ্ড সংঘটিত হৈছে এইখন অসমৰে এখন চৰকাৰী হাস্পতালত।

জানিব পৰা মতে, কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈছিল এগৰাকী ৬ মহীয়া গৰ্ভৱতী মহিলা।

অহা ডিচেম্বৰ মাহৰ শেষতহে মহিলাগৰাকীৰ প্ৰসৱৰ সম্ভাৱনা আছিল।

কিন্তু আশ্চৰ্যজনকভাৱে হাস্পতালখনৰ চিকিৎসকে অস্ত্ৰোপচাৰ কক্ষলৈ প্ৰসূতিগৰাকীক লৈ যায় আৰু অস্ত্ৰোপচাৰ কৰি মহিলাগৰাকীৰ গৰ্ভৰ সন্তানটো বাহিৰ কৰে।

কিন্তু গৰ্ভস্থ সন্তানটোৰ আকাৰ সৰু হোৱাৰ বাবেই চিকিৎসকে অস্ত্ৰোপ্ৰচাৰ সম্পূৰ্ণ নকৰাকৈয়ে শিশুটিক মহিলাগৰাকীৰ পেটৰ ভিতৰত ভৰাই পুনৰ চিলাই কৰি দিয়ে।

আনহাতে, চিকিৎসকে সংঘটিত কৰা এই আজৱ কাণ্ড সন্দৰ্ভত প্ৰসূতি গৰাকীয়ে পৰিয়ালক অৱগত কৰাত মহিলাগৰাকীৰ পৰিয়াল আৰু ৰাষ্ট্ৰীয় বজৰং দলে হাস্পতাল চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

চিকিৎসকৰ এনে দায়বদ্ধতাহীনতাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি উচিত শাস্তিৰো দাবী জনায় প্ৰতিবাদকাৰীসকলে।

ইফালে বৰ্তমানো প্ৰসূতি গৰাকী সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে। ঘটনাক কেন্দ্ৰ কৰি কৰিমগঞ্জত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।