এইগৰাকী সাহসী অধ্যাপকৰ বাবেই পোহৰলৈ আহিছিল মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল কাণ্ড…

এইগৰাকী সাহসী অধ্যাপকৰ বাবেই পোহৰলৈ আহিছিল মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল কাণ্ড…

March 18, 2023 Off By NEWS DESK

নিউজ ডেস্ক। মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কাণ্ডৰ উদঘাটন হৈছিল এগৰাকী সাহসী আৰু নিষ্ঠাৱান যুৱ অধ্যাপকৰ বাবে।

শিক্ষকৰ দৰে এটা পবিত্ৰ বৃত্তিত কালিমা সনা একাংশ শিক্ষকৰ কুকীৰ্তিৰ বিপৰীতে চৰ্চালৈ আহিছে প্ৰশ্নকাকত ফাদিল কাণ্ডৰ ৰহস্য উদঘাটন কৰা এইগৰাকী শিক্ষকৰ নাম।

নাম তেওঁৰ শচীন্দ্ৰ দলে। ধেমাজি জিলাৰ গোগামুখৰ নিৱাসী এইগৰাকী অধ্যাপকৰ বাবেই পোহৰলৈ আহিছিল মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল কাণ্ড।

দৰাচলতে এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহিঃনিৰীক্ষক হিচাপে ছেবাৰ তৰফৰ পৰা নিযুক্তি দিয়া হৈছিল শচীন্দ্ৰ দলে। তেওঁ দায়িত্বত আছিল বৰদলনি উচ্চতৰ মাধ্যমিক পৰীক্ষা কেন্দ্ৰত।

Pix by UB Photos.

৩ তাৰিখৰ পৰা অনুষ্ঠিত হোৱা মেট্ৰিক পৰীক্ষাৰ প্ৰথম দিনাৰ পৰাই প্ৰশ্নকাকত ফাদিল সন্দেহ ঘনীভূত হৈছিল দলেৰ মনত।

গণিত, ইংৰাজী আৰু সমাজ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলৰ বহু খবৰ তেওঁ আহুকাণে পহুকাণে লাভ কৰিছিল যদিও হাতত নাছিল কোনো তথ্য।

Pranab Dutta

কিন্তু ১২ মাৰ্চত তেওঁ বিজ্ঞানৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত নিশ্চিত তথ্য লাভ কৰে।

হোৱাটছএপযোগে প্ৰশ্নকাকত প্ৰেৰণ কৰাৰ বাবদ ছল্টব্ৰুকৰ এজন ছাত্ৰই এহাজাৰ টকাকৈ লোৱাৰো তথ্য তেওঁ লাভ কৰে।

ইয়াৰ পিছতে সমগ্ৰ তথ্য সহিতে তেওঁ ছেবাৰ অধ্যক্ষ আৰচি জৈনক ফোন কৰে যদিও অভিযোগ অনুসৰি কোনো গুৰুত্ব প্ৰদান কৰা নাছিল জৈনে।

Kumud Rakhowa

আনকি ছেবা কৰ্তৃপক্ষইও প্ৰশ্নকাকত ফাদিল বিষয়টো গুৰুত্ব সহকালৈ লৈ তদন্ত কৰাৰ পৰা বিৰত আছিল।

কিন্তু পৰৱৰ্তী সময়ত শচীন্দ্ৰ দলেয়ে শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৰ সৈতে ফোনত যোগাযোগ কৰে আৰু তেওঁৰ ওচৰত থকা তথ্য প্ৰমাণ শিক্ষামন্ত্ৰীলৈ প্ৰেৰণ কৰাত শিক্ষামন্ত্ৰীয়ে তাৎক্ষণিক তদন্তৰ আশ্বাস দিয়ে।

আৰু এনেকৈয়ে পোহৰলৈ আহে বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল কাণ্ড।

ইয়াৰ পিছতে চিআইডিয়ে লুহিত খাবলু বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰণৱ দত্তকো গ্ৰেপ্তাৰ কৰি জেৰা চলোৱাত অসমীয়া বিষয়ৰ প্ৰশ্নকাকত ফাদিল কাণ্ডও পোহৰলৈ আহে।

শিক্ষক এক পবিত্ৰ বৃত্তি। কিন্তু কেইটামান টকাৰ লালসাত শিক্ষকতাৰ এই বৃত্তিটোক অপমানিত কৰি অহা একাংশ শিক্ষকে গোটেই শিক্ষক সমাজখনকে যেন লজ্জানত কৰি আহিছে।

কিন্তু তাৰ বিপৰীতে সমাজত এতিয়াও আছে শচীন্দ্ৰ দলেৰ দৰে সৎ আৰু নিষ্ঠাবান অধ্যাপক। যিয়ে শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ হেতালি খেলিব বিচৰা শিক্ষক সকলৰ সন্মুখত হেঙাৰ হৈ ঠিয় দি আহিছে।