এইবাৰ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়তে চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান, ঘোচ লৈ গ্ৰেপ্তাৰ UB নায়ক মিয়াচান্দ আলী…

এইবাৰ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়তে চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান, ঘোচ লৈ গ্ৰেপ্তাৰ UB নায়ক মিয়াচান্দ আলী…

September 28, 2022 Off By NEWS DESK

ৰাজ্যত একেদিনাই ঘোচ লৈ গ্ৰেপ্তাৰ দ্বিতীয়জন চৰকাৰী গ্ৰেপ্তাৰ।

এইবাৰ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়তে চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

অভিযানত গ্ৰেপ্তাৰ অসম আৰক্ষীৰ উলুবাৰীস্থিত মুখ্য কাৰ্যালয়ত কৰ্তব্যৰত ইউবিৰ নায়ক মিয়াচান্দ আলী।

উৎকোচ গ্ৰহণৰ সময়তে হাতে লোটে গ্ৰেপ্তাৰ মিয়াচান্দ আলী।

অভিযোগকাৰীৰ বিচাৰাধীন বিলৰ প্ৰক্ৰিয়াকৰণ আৰু গৃহীতকৰণ ক্ষিপ্ৰ কৰাৰ বাবদ দাবী কৰা ধন গ্ৰহণৰ সময়তে গ্ৰেপ্তাৰ দুৰ্নীতিগ্ৰস্ত বিষয়াজন।

টুইটাৰযোগে মিয়াচান্দৰ গ্ৰেপ্তাৰৰ কথা সদৰী কৰিছে বিশেষ সঞ্চালকপ্ৰধান জিপি সিঙে।

উল্লেখ্য যে, বুধবাৰৰ দিনটোত উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছিল আন এজন চৰকাৰী কৰ্মচাৰী।

হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ ভূমি বস্তােবস্তি কাৰ্যালয়ৰ কৰ্মচাৰী উৎপল কুমাৰ নাথ।