এইবাৰ একেলগে যুটি বান্ধিছে হিৰো আলম আৰু ভুৱন বাদ্যকাৰে! শীঘ্ৰে মুক্তি পাব নতুন গীত

নিউজ ডেস্ক। এইবাৰ একেলগে যুটি বান্ধিছে দুই ভাইৰেল গায়ক হিৰো আলম আৰু ভূৱন বাদ্যকাৰ।

সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰিছে দুয়োগৰাকী ভাইৰেল গায়কে একেলগে ষ্টুডিঅ’ত গান ৰেকৰ্ডিং কৰি থকাৰ ফটো।

আনহাতে হিৰো আলমেও কলকতাৰ দমদম বিমান বন্দৰত উপস্থিত হোৱাৰ পিছত ফেচবুক লাইভযোগে জনাইছে ভূৱন বাদ্যকাৰৰ সৈতে এটা গীত গোৱাৰ বাবে পশ্চিমবংগলৈ অহাৰ কথা।

উল্লেখ্য যে, বাংলাদেশৰ ছ’চিয়েল মিডিয়া ষ্টাৰ আশ্ৰাফুল আলম ওৰফে হিৰো আলম একেৰাহে এজন গায়ক, অভিনেতা আৰু ৰাজনীতিবিদ।

তেওঁৰ আচৰণক লৈ প্ৰায়ে বিতৰ্কৰ সৃষ্টি হৈ আহিছে যদিও সামাজিক মাধ্যমত হিৰো আলমৰ আছে লাখ লাখ অনুৰাগী।

আনহাতে ‘কাঁচা বাদাম’ গীতেৰে সামাজিক মাধ্যমত আলোড়নৰ সৃষ্টি কৰা পশ্চিমবংগৰ বীৰভূম নিৱাসী ভূৱন বাদ্যকাৰো এতিয়া ছ’চিয়েল মিডিয়া ষ্টাৰ হৈ পৰিছে।

ইতিমধ্যে একাধিক গান ৰেকৰ্ডিং কৰি চৰ্চালৈ আহিছে ভূৱন বাদ্যকাৰ।

এই দুইজন ভাইৰেল গায়কে এতিয়া একেলগে লেকটাউনৰ এটা ষ্টুডিঅ’ত ৰেকৰ্ডিং কৰিছে ‘ফাণী’ শীৰ্ষক এটা গীত।

গীতটোৰ ৰেকৰ্ডিং কৰিবলৈ কলকাতাত উপস্থিত হোৱা হিৰো আলমে কয়, ‘মই ভুৱনদাৰ সৈতে এটা নতুন গান কৰিবলৈ কলকাতালৈ আহিছো। কথাটো দীৰ্ঘদিন ধৰি চলি আছিল যদিও এইবাৰ তাৰিখ চূড়ান্ত হোৱাৰ পিছত মই কলকাতালৈ আহিলো। আমি দুখন বাংলাভূমিৰ দুজন ভাইৰেল কণ্ঠশিল্পী। এইবাৰ গানটো দুয়োখন বাংলা ভূমিতে ভাইৰেল হ’ব।’

গীতটোৰ অডিঅ’ৰ কাম সম্পন্ন হোৱাৰ পিছত ভিডিঅ’ৰ কাম আৰম্ভ কৰা হব বুলি জানিব পৰা গৈছে। গীতটোৰ ভিডিঅ’ পৰিচালনা কৰিব ছালাউদ্দিন গোল্ডাৰে।

দুয়োজন ভাইৰেল গায়কৰ এই যুটিক লৈ এতিয়া সামাজিক মাধ্যমতো চৰ্চা আৰম্ভ হৈছে। গীতটোৰ মুক্তিৰ দিন ঘোষণা কৰা হোৱা নাই যদিও গীতটোৰ মুক্তিৰ বাবে অপেক্ষা কৰিছে গায়ক দুজনৰ অনুৰাগীসকলে।

Leave a Comment