এইবাৰ ঘােচ লৈ গ্ৰেপ্তাৰ সৰ্বশিক্ষা মিছনৰ জিলা সমন্বয়ক, দৰমহা মুকলিৰ নামত দাবী কৰিছিল উৎকােচ…

এইবাৰ ঘােচ লৈ গ্ৰেপ্তাৰ সৰ্বশিক্ষা মিছনৰ জিলা সমন্বয়ক, দৰমহা মুকলিৰ নামত দাবী কৰিছিল উৎকােচ…

August 26, 2022 Off By NEWS DESK

নিউজ ডেস্ক। চৰকাৰী কাৰ্যালয়সমূহত দুৰ্নীতিৰ বিৰুদ্ধে অব্যাহত আছে মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

পুনৰ উৎকােচ লৈ দুৰ্নীতি নিবাৰকৰ হাতত গ্ৰেপ্তাৰ হ’ল এগৰাকী চৰকাৰী বিষয়া।

এইবাৰ ভিজিলেঞ্চৰ অভিযান সৰ্বশিক্ষা মিছনৰ ধুবুৰী জিলা সমন্বয়কৰ কাৰ্যালয়ত।

ঘােচ লৈ থাকােতে ভিজিলেঞ্চৰ অভিযান গ্ৰেপ্তাৰ হ’ল জিলা সৰ্বশিক্ষা অভিযান মিছনৰ ধুবুৰী জিলাৰ সমন্বয়ক আজহাৰুল ইছলাম।

জানিব পৰা মতে, এগৰাকী কৰ্মচাৰীৰ প্ৰাপ্য দৰমহা মুকলি কৰাৰ বাবে উৎকােচ দাবী কৰিছিল আজহাৰুল ইছলাম নামৰ সৰ্বশিক্ষা মিছনৰ ধুবুৰী জিলাৰ সমন্বয়কগৰাকীয়ে।

এই সন্দৰ্ভত ভুক্তভােগী কৰ্মচাৰীজনে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাত অভিযােগ দাখিল কৰাৰ পিছতে শুকুৰবাৰে অভিযানকাৰী দলে ঘােচ লৈ থাকােতে জিলা সমন্বয়ক আজহাৰুল ইছলামক হাতে-লােটে গ্ৰেপ্তাৰ কৰে।

সম্প্ৰতি কাৰ্যালয় চৌহদতে এই ঘােচখােৰ চৰকাৰী কৰ্মচাৰীজনক জেৰা চলাইছে ভিজিলেঞ্চৰ দলে।

টুইটাৰৰ জৰিয়তে এই অভিযানৰ কথা সদৰি কৰে দুৰ্নীতি নিবাৰক শাখাৰ মুৰব্বী তথা অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে।