এইবাৰ চাইবাৰ অপৰাধীৰ জালত পৰিল স্বয়ং আৰক্ষী অধীক্ষক! হেৰুৱালে ৯੦ হাজাৰ টকা

নিউজ ডেস্ক। এইবাৰ চাইবাৰ অপৰাধীৰ লক্ষ্য হৈ পৰিল খোদ আৰক্ষী অধীক্ষক।

এক দুষ্ট চক্ৰই মোবাইল ফোন কোম্পানীৰ প্ৰতিনিধি বুলি পৰিচয় দি সংগ্ৰহ কৰিছিল বেংক আৰু ব্যক্তিগত তথ্য। আৰু নিজৰ সকলো বিৱৰণ দি আৰক্ষী অধীক্ষকে হেৰুৱালে প্ৰায় ৯০ হাজাৰ টকা।

চাইবাৰ অপৰাধীৰ বলি হোৱা এই আৰক্ষী অধীক্ষকজন হৈছে ইষ্ট গাৰো হিলছৰ আৰক্ষী অধীক্ষক ব্ৰুনো এ চাংমা।

এই ঘটনা সংঘটিত হয় বৃহস্পতিবাৰে। বিষয়াজনে চক্ৰটোক প্ৰদান কৰিছিল কিছু ব্যক্তিগত তথ্য। এই সন্দৰ্ভত তেওঁ উইলিয়ামনগৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

জানিব পৰা মতে, চক্ৰটোৱে প্ৰথমতে বিষয়াজনলৈ প্ৰেৰণ কৰিছিল এছএমএছ। তাৰ পিছত বিষয়াজনৰ পৰা তেওঁলোকে সংগ্ৰহ কৰে ব্যক্তিগত বেংকৰ বিৱৰণ আৰু অন্যান্য সংবেদনশীল তথ্য।

বিষয়াজনক এনেদৰে কথা কৈছিল যে তেওঁ কোনো কাৰণত ভুৱা বুলি ভাবি যাতে ফোনটো কাটি নিদিয়ে।

ইয়াৰ পিছতেই বিষয়াজনৰ একাউণ্টৰ পৰা ৯০,৬০০ টকা হৰলুকি কৰে চক্ৰ টোৱে।

এই কথা তেওঁ ধৰিব পাৰি লগে লগে বেংক কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি একাউণ্টটো বন্ধ কৰি দিয়ে। চক্ৰটোৱে আৰু ২০ হাজাৰ টকা সৰকাব লওঁতেই বন্ধ কৰি দিয়ে একাউণ্টটো।

উল্লেখ্য যে আৰক্ষীয়ে বেংক কৰ্তৃপক্ষৰ সৈতে একেলগে এই চক্ৰক আটক কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

Leave a Comment