এইবাৰ জল সম্পদ বিভাগৰ চাকৰিৰ নামত ধন সংগ্ৰহ কৰা ৭ দালালক আটক মহানগৰ আৰক্ষীৰ

এইবাৰ জল সম্পদ বিভাগৰ চাকৰিৰ নামত ধন সংগ্ৰহ কৰা ৭ দালালক আটক মহানগৰ আৰক্ষীৰ

September 12, 2022 Off By NEWS DESK

নিউজ ডেস্ক। অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নামত এট প্ৰৱঞ্চকৰ দল সক্ৰিয় হৈ থকা বুলি অভিযােগ তুলি ভিক্টৰ দাস নামৰ এজন যুৱকক পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সময়তে এইবাৰ জল সম্পদ বিভাগৰ চাকৰিৰ নামত ধনৰ লেনদেন কৰা এটা প্ৰৱঞ্চকৰ দল জালত পৰিল মহানগৰ আৰক্ষীৰ।

জলসম্পদ বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ ন্যায়ালয়ত বিবেচনাধীন এক গােচৰৰ আলম লৈ প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰি থকাৰ সময়তে আটক কৰে দিছপুৰ আৰক্ষীয়ে।

ধৃত দালালকেইটা ক্ৰমে কাহিলিপাৰাৰ নয়ন শইকীয়া, বশিষ্ঠৰ জয়ন্ত ডেকা, মঙলদৈৰ চিৰাজুল হক, গোৱালপাৰাৰ জয়ন্ত দাস, নলবাৰীৰ গোবিন্দ চৌধুৰী, প্ৰাঞ্জল বৰ্মন আৰু নুৰ ইছলাম আহমেদ।

দেওবাৰে নিশা বৰবাৰীৰ জিডি ল’জত দিশপুৰ আৰক্ষীয়ে অভিযান কৰি গ্ৰেপ্তাৰ কৰিছে দালাল কেইজনক।

ধৃত চাকৰিৰ দালাল কেইটাৰ পৰা এটা লেপটপৰ লগতে বিভিন্ন কাগজ-পত্ৰ জব্দ কৰিছে আৰক্ষীয়ে।

অৱশ্যে এতিয়ালৈকে দিছপুৰ আৰক্ষীয়ে এই সন্দৰ্ভত কােনাে আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাই।