এইবাৰ দিছপুৰত উৎকােচ কাণ্ড! ৯੦ হাজাৰ টকাৰ ঘােচ লৈ গ্ৰেপ্তাৰ অসম চৰকাৰৰ যুটীয়া সচিব

এইবাৰ দিছপুৰত উৎকােচ কাণ্ড! ৯੦ হাজাৰ টকাৰ ঘােচ লৈ গ্ৰেপ্তাৰ অসম চৰকাৰৰ যুটীয়া সচিব

October 28, 2022 Off By NEWS DESK

নিউজ ডেস্ক। এইবাৰ দিছপুৰীয়া আমােলাৰ বিৰুদ্ধে চলিল সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

নগদ ৯੦ হাজাৰ টকাৰ উৎকােচ লৈ গ্ৰেপ্তাৰ হ’ল অসম চৰকাৰৰ যুটীয়া সচিব পৰ্যায়ৰ এগৰাকী বিষয়া।

অসম প্ৰশাসনিক সেৱাৰ জ্যেষ্ঠ বিষয়াগৰকী হৈছে চৰকাৰৰ যুটীয়া সচিব কে কে শৰ্মা।

এই সন্দৰ্ভত অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জিপি সিঙে টুইট কৰি প্ৰকাশ কৰা অনুসৰি, এচিএছ বিষয়া কে কে শৰ্মাই এটা ছিকিউৰিটি ফাৰ্মৰ অনুজ্ঞাপত্ৰ নবীকৰণৰ বিনিময়ত ৯੦ হাজাৰ টকা উৎকােচ হিচাপে লৈছিল।

তেনে সময়তে সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক শাখাৰ অভিযানকাৰী দলে বিষয়াগৰাকীক হাতে-লােটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

সম্প্ৰতি তেওঁ চৰকাৰী আৱাসতে জেৰা চলােৱাৰ লগতে অবৈধ ধনৰ সন্ধানত অভিযান চলােৱাৰ প্ৰস্তুতি চলাইছে ভিজিলেন্সৰ অভিযানকাৰী দলটােৱে।

উল্লেখ্য যে কে কে শৰ্মাই উৎকােচ দাবী কৰাৰ কথা আগতীয়াকৈ উক্ত ছিকিউৰিটি ফাৰ্মৰ কৰ্তৃপক্ষই অৱগত কৰিছিল দুৰ্নীতি নিবাৰক শাখাৰ।

ইয়াৰ পিছতে দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকীক হাতে-লােটে ধৰিবলৈ অভিযানত নামি পৰে ভিজিলেন্সৰ দল।

বিষয়াগৰাকীয়ে ফাৰ্মৰ এজন প্ৰতিনিধিৰ পৰা নগদ ৯੦ হাজাৰ টকাৰ ঘােচ লওঁতেই জালত পৰে ভিজিলেন্সৰ অভিযানকাৰী দলৰ।