
এইবাৰ প্ৰসূতিৰ পৰা উৎকোচ লৈ ৰঙাঘৰৰ আলহী হ’ল এগৰাকী নাৰ্ছ…
July 25, 2022নিউজ ডেস্ক। প্ৰসৱৰ বিনিয়মত প্ৰসূতিৰ পৰিয়ালৰ পৰা ধনদাবী।
উৎকােচ লৈ ৰঙাঘৰৰ আলহী হ’ল এগৰাকী চৰকাৰী নাৰ্ছ।
এই ঘটনাৰ স্থান ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ অধীনস্থ তামাৰহাট ক্ষুদ্র প্রাথমিক স্বাস্থ্য কেন্দ্ৰ।
ঘটনাৰ বিবৰণী মতে, যোৱা ১৩ জুলাইৰ দিনা তামাৰহাট বজাৰৰ নিচেই কাষত থকা তামাচাবাগান গাঁৱৰ ছৰিফা খাতুন নামৰ এগৰাকী প্রসূতি স্বাস্থ্য কেন্দ্ৰটোত ভৰ্তি হয় আৰু তাতে এটি সন্তান জন্ম দিয়ে।
পিচত কৰ্তব্যৰ দায়িত্বত থকা ক্ষমাৰাণী দে’ নামৰ নাৰ্ছগৰাকীয়ে প্ৰতিগৰাকীৰ সন্তান প্রসৱ কৰোৱাৰ বিনিময়ত প্ৰতিগৰাকীৰ অভিভাৱকৰ পৰা ধন দাবী কৰে।

উপায়ান্তৰ হৈ অতি দৰিদ্ৰ প্রসূতিগৰাকীৰ অভিভাৱকে নিজৰ লগত থকা ২৮০ টকা নাইগৰাকীক দিবলৈ বাধ্য হয়।
উল্লেখ্য যে তামাৰহাট প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ জি এন এম ক্ষমাৰাণী দে’ৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰা প্ৰসূতিৰ পৰা ধন দাবী কৰা আৰু কৰ্তব্যত অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰি স্থানীয় ৰাইজে ধুবুৰী জিলাৰ উপায়ুক্তক এখন লিখিত অভিযোগ দাখিল কৰিছিল।

উক্ত অভিযোগৰ ভিত্তিত ধুবুৰী জিলাৰ উপায়ুক্তগৰাকীয়ে তামাৰহাট স্বাস্থ্য কেন্দ্ৰৰ ধন দাবী কৰা নাৰ্ছ ক্ষমাৰাণী দে’ৰ বিৰুদ্ধে তামাৰহাট থানাত এখন এজাহাৰ দিবলৈ স্বাস্থ্য কেন্দ্ৰটোৰ ভাৰপ্ৰাপ্ত চিকিৎসকগৰাকীক নিৰ্দেশ দিয়ে আৰু চিকিৎসকগৰাকীয়ে নাগৰাকীৰ বিৰুদ্ধে কালি তামাৰহাট থানাত এখন এজাহাৰ দাখিল কৰে।
তামাৰহাট থানাৰ আৰক্ষীয়ে উক্ত এজাহাৰৰ ভিত্তিত নাৰ্চ্ছগৰাকীক গ্ৰেপ্তাৰ কৰি ৩৭/২২ নম্বৰত গোচৰ ৰুজু কৰি ধুবুৰীৰ জেল হাজোতলৈ প্ৰেৰণ কৰে।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

‘আজি মই অতি দুখেৰে জনাওঁ যে…’ হঠাতে সামাজিক মাধ্যমত কাৰ বিৰুদ্ধে সৰৱ অসম গৌৰৱ লাভলীনা?
